সমষ্টি পুনৰনিৰ্ধাৰণক লৈ গুৱাহাটীত আজি ৰাজনৈতিক–অৰাজনৈতিক দল–সংগঠনৰ সৈতে বৈঠক অনুষ্ঠিত হ’ব নিৰ্বাচন আয়োগৰ। সমষ্টি পুনৰনিৰ্ধাৰণক লৈ তেওঁলোকৰ মতামত গ্ৰহণ কৰিব নিৰ্বাচন আয়োগে। কিন্তু এই বৈঠকৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছে এক সংবাদমেলৰ আয়োজন কৰি এই বৈঠকত অংশগ্ৰহণ নকৰাৰ কথা সদৰি কৰিছে।
সংবাদমেল সম্বোধন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই। উপস্থিত থাকে বিৰোধী দলপতি দেবব্ৰত শইকীয়া, বিৰোধী উপ–দলপতি ৰকিবুল হুছেইন, কাৰ্যকৰি সভাপতি তিনিজন ক্ৰমে ৰাণা গোস্বামী, কমলক্ষ দে পুৰকায়স্থ আৰু জাকিৰ হুছেইন শিকদাৰ।
সমষ্টি পুনৰনিৰ্ধাৰণ সম্পৰ্কত নিৰ্বাচন আয়োগে আহ্বান জনোৱা গুৱাহাটীত অংশগ্ৰহণ নকৰে কংগ্ৰেছে। এই কথা সদৰি কৰি ভূপেন কুমাৰ বৰাই কয়, ‘‘কংগ্ৰেছৰ প্ৰতিনিধিয়ে নিৰ্বাচন আয়োগক নতুন দিল্লীত সাক্ষাৎ কৰিছিল। সেই সময়ত কংগ্ৰেছৰ পত্ৰৰ উত্তৰ দিম বুলি কৈ কোনো পত্ৰ নিদিলে। মূল বিৰোধী দল হিচাপে আমাক গুৰুত্ব নিদিয়াত আমি ক্ষোভিত হৈছো। সেয়ে নিৰ্বাচন আয়োগৰ সভাত অংশ নলয় কংগ্ৰেছ দলে।’’
আমাৰ সিদ্ধান্তসম্বলিত স্মাৰক পত্ৰখন আমাৰ দলৰ তিনিগৰাকী কাৰ্যকৰি সভাপতি ৰাণা গোস্বামী, জাকিৰ হুছেইন শিকদাৰ আৰু কমলাক্ষ দে পুৰকায়স্থই আজি পুনৰ গৈ দি আহিব কিন্তু কোনো সভাত অংশ নলয় বুলি কয় ভূপেন কুমাৰ বৰাই।
সংবাদমেলত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয়, সমষ্টি পুনৰ্নিদ্ধাৰণ সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে দুমুখীয়া স্থিতি লৈছে। জিলা কৰ্তন কৰা কাৰ্যও অতি ৰহস্যজনক। নিৰ্বাচন আয়োগক সাক্ষাৎ কৰি একো সুদুত্তৰ পোৱা নাযাব।
আনহাতে, ৰকিবুল হুছেইনে কয়, ‘‘সমষ্টি পুনৰনিৰ্ধাৰণক আমি আদৰণি জনাইছো। ২২ বছৰৰ পূৰ্বৰ ছেনচাচকলৈ সমষ্টি পুনৰনিৰ্ধাৰণ কৰিব বিচৰা কাৰ্যৰ আমি বিৰোধিতা কৰিছো। সমষ্টি পুনৰনিৰ্ধাৰণ সম্পৰ্কত আমিও সহযোগ কৰিছিলো। সকলো মানুহক বিশ্বাসত লৈ সমষ্টি পুনৰনিৰ্ধাৰণ কৰিবলৈ আমি নিৰ্বাচন আয়োগক অৱগত কৰিছিলো। ৪ জানুৱাৰীত আমি নতুন দিল্লীত নিৰ্বাচন আয়োগক সাক্ষাৎ কৰি স্মাৰক পত্ৰ দিছিলো। প্ৰথমে সেই স্মাৰক পত্ৰৰ প্ৰত্যুত্তৰ দিয়ক। নিৰ্বাচন আয়োগে সমষ্টি পুনৰনিৰ্ধাৰণ সম্পৰ্কত সিদ্ধান্ত লৈয়ে এতিয়া গুৱাহাটীলৈ আহিছে।’’
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 27, 2023, 10:51 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।