সকলো ব্যস্ত কোৰোণাত! চিকিত্‍সাৰ অভাৱত মৃত্যুক সাৱটিছে অন্য ৰোগত আক্ৰান্ত ৰোগীয়ে

News18 Assam | News18-Assam
Updated:July 29, 2020, 7:25 PM IST
সকলো ব্যস্ত কোৰোণাত! চিকিত্‍সাৰ অভাৱত মৃত্যুক সাৱটিছে অন্য ৰোগত আক্ৰান্ত ৰোগীয়ে
গুৱাহাটীৰ সমান্তৰালকৈ যোৰহাটতো এতিয়া কোৰোণাৰ ত্ৰাস।

গুৱাহাটীৰ সমান্তৰালকৈ যোৰহাটতো এতিয়া কোৰোণাৰ ত্ৰাস।

  • Share this:
গুৱাহাটীৰ সমান্তৰালকৈ যোৰহাটতো এতিয়া কোৰোণাৰ ত্ৰাস। সকলো কোৰোণাকলৈ ব্যস্ত হৈ থকাৰ সময়তে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে যোৰহাটতো অন্য ৰোগত আক্ৰান্ত লোকসকলে চিকিৎসাৰ বাবে হাহাকাৰ কৰিব লগা এক পৰিস্থিতিৰ সৃষ্টি হৈছে। কোভিড19 সংক্ৰমণৰ বাবে নগৰৰ বহুকেইখনো ব্যক্তিগত চিকিৎসালয় এতিয়া বন্ধ। শেহতীয়াকৈ এই ব্যৱস্থাৰ কিছু সাল-সলনি ঘটোৱা হৈছে যদিও যোৰহাট চিকিত্‍সা মহাবিদ্যালয় হাস্পতালত অন্য ৰোগত আক্ৰান্ত ৰোগীসকলে সু-চিকিৎসা নোপোৱাৰ লগতে চিকিৎসাৰ অভাৱত মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে ।

JMCHত চিকিত্‍সাধীন হৈ থকা কোৰোণা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে চিকিত্‍সা মহাবিদ্যালয়খনত অ’ পি ডি সেৱা বন্ধ হৈ আছে। যোৰহাটৰ চিকিৎসা ব্যৱস্থাত অচলাৱস্থা সৃষ্টি হোৱাৰ এই বাতৰি বিস্তৃত ভাৱে প্ৰকাশ পাইছিল নিউজ18ত। তাৰ পিছতে যোৰহাট জিলা প্ৰশাসনে নিয়মৰ কিছু সাল-সলনি ঘটাইছিল। কিন্তু কোভিড ৰোগীসকলক লৈ সকলো ব্যস্ত থকাৰ সময়তে অন্য ৰোগত আক্ৰান্ত লোকসকল সু-চিকিৎসাৰ পৰা বঞ্চিত হৈ মৃত্যুক আঁকোৱালি লব লগীয়া হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে। যোৰহাট নগৰৰ অচিন্ত বৈশ্য নামৰ হৃদৰোগত আক্ৰান্ত হোৱা লোকজনৰ JMCHত এনে পৰিস্থিতিতে মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে ।

"অচিন্তক হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছতে লৈ যোৱা হৈছিল JMCHলৈ। কিন্তু তাৎক্ষণিক চিকিৎসা সেৱাৰ প্ৰয়োজন আছিল যদিও তেওঁক বহুৱাই থোৱা হল কোভিড19 টেষ্টৰ ফলাফল নহালৈকে। আৰু তেনে অৱস্থাতে বিনা চিকিৎসাৰে শেষ নিশ্বাস ত্যাগ কৰিলে অচিন্তই। এনে ধৰণৰ বহু জটিল ৰোগত আক্ৰান্ত ৰোগী এতিয়া বঞ্চিত হ’বলগীয়া হৈছে চিকিত্‍সাৰ পৰা। গতিকে চৰকাৰে অন্য ৰোগত আক্ৰান্ত লোকসকলৰ চিকিৎসাৰ বাবে বিশেষ পৰিকল্পনা হাতত লোৱাটো উচিত ।",যোৰহাটৰ এগৰাকী সচেতন নাগৰিক নয়নজ্যোতি শৰ্মাই এনেদৰে কয়।

অৱশ্যে এই ক্ষেত্রত শেহতীয়াকৈ প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে যোৰহাটৰ মিচন হাস্পটেল কৰ্তৃপক্ষই। চিকিৎসালয়খনলৈ অহা সকলো ৰোগীৰে প্ৰথমে ৰেপিড এণ্টিজেন টেষ্টৰ জৰিয়তে কোভিড19 পৰীক্ষা কৰাৰ পিছত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। কিন্তু সংকটজনক অৱস্থাত অহা ৰোগীৰ বাবে পৰীক্ষাৰ ফলাফল অহালৈকে জৰুৰীকালীন চিকিৎসা আগবঢ়াবলৈ বিশেষ আছুতীয়া ৱাৰ্ডৰ ব্যৱস্থা কৰিছে চিকিৎসালয়খনত । অক্সিজেন , মনিটৰ আদিৰ সুবিধা থকা এই ৱাৰ্ডত অচিৰেই সংযোগ কৰা হ’ব দুটা ভেণ্টিলেটৰো। আনকি ৰোগী সকলৰ চিকিত্‍সাৰ বাবে এটা বিশেষ চিকিৎসকৰ দলৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিছে চিকিৎসালয়খনৰ চিকিৎসক ডা: সঞ্জীৱ বৰুৱাই ।
Published by: Himangshu Bhuyan
First published: July 29, 2020, 7:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি