উজনি অসমৰ একাংশ আদিবাসী যুৱকে অৰণ্যৰ মাজত হাতত উদ্যত মাৰণাস্ত্ৰ লৈ আপলা নামৰ এটা সংগঠনৰ নামত নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ বিচৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । কিছুদিন পূৰ্বে অসমৰ আঠটা আদিবাসী উগ্ৰপন্থী সংগঠনে চৰকাৰৰ সৈতে শান্তিচুক্তিত স্বাক্ষৰ কৰাৰ পিছতে হঠাৎ এই সংগঠনটোৱে আত্মপ্ৰকাশ কৰি চৰকাৰলৈ আগবঢ়াইছে কেতবোৰ আহ্বান। শেহতীয়াকৈ আদিবাসী পিপল লিবাৰেচন আৰ্মী চমুকৈ আপলা নামৰ সংগঠনটোৰ সদস্য বুলি কোৱা এই যুৱকসকলে এটা ভিডিঅ' ৰিলিজ কৰিছে য'ত তেওঁলোকৰ কেইবাজনো নেতা, কেডাৰৰ কুচকাৱাজ দেখা গৈছে।
মন কৰিবলগীয়া যে, ভিডিঅ'টোত যুৱকসকলে আকাশলৈ কেইবা জাঁই গুলী ফুটুৱাই কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰলৈ বহুকেইটা দাবী জনাইছে। আদিবাসীসকলক জনজাতিৰ মৰ্যদা প্ৰদান কৰা, আদিবাসীসকলক ভূমিৰ অধিকাৰ প্ৰদান কৰা, আদিবাসী উগ্ৰপন্থী সংগঠনসমূহৰ সৈতে ইতিমধ্যে চৰকাৰে স্বাক্ষৰ কৰা চুক্তিসমূহ শীঘ্ৰে কাৰ্যকৰী কৰাকে মুখ্য কৰি কেইটামান দাবী আগবঢ়াইছে এই উগ্ৰপন্থী গোটটোৱে। আনহাতে ১২৫ জনৰো অধিক সদস্য থকা উল্লেখ কৰা এই আপলা নামৰ সংগঠনটোৱে মূলসূঁতিলৈ আহিবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ লগতে এইক্ষেত্ৰত চৰকাৰৰ পৰা সহযোগিতা বিচাৰিছে আৰু ইয়াৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে।
উল্লেখ্য যে, কিছুদিন পূৰ্বে অসমৰ ৮টা আদিবাসী উগ্ৰপন্থী সংগঠনে চৰকাৰৰ সৈতে শান্তিচুক্তিত স্বাক্ষৰ কৰাৰ প্ৰায় দুমাহৰ পিছতেই হঠাৎ উজনি অসমৰ একাংশ আদিবাসী যুৱকে অৰণ্যৰ মাজত হাতত উদ্যত মাৰণাস্ত্ৰ লৈ আপলা নামৰ এটা সংগঠনৰ নামত ভিডিঅ'ৰ মাধ্যমেৰে নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ বিচৰা ঘটনা শেহতীয়াকৈ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।
এইখিনিতেই উল্লেখনীয় যে, বিগত ১৫ চেপ্তেম্বৰত অসমৰ ৮টা আদিবাসী উগ্ৰপন্থী সংগঠনে দিল্লীত চৰকাৰৰ সৈতে শান্তিচুক্তিত স্বাক্ষৰ কৰিছিল। দীৰ্ঘদিন ধৰি যুদ্ধবিৰতিত থকা এই উগ্ৰপন্থী সংগঠনকেইটা হ'ল বিৰছা কামাণ্ডো ফৰ্চ , আদিবাসী পিপলছ আৰ্মী , অল আদিবাসী নেচনেল লিবাৰেচন আৰ্মী , আদিবাসী কব্ৰা মিলিটেৰী অব আচাম , চান্থাল টাইগাৰ ফৰ্চ। বাকী তিনিটা উগ্ৰপন্থী গোট হল BCF , AANLA আৰু ACMA ৰ পৰা ফালৰি কাটি অহা তিনিটা গোট। এই শান্তিচুক্তিত স্বাক্ষৰ কৰাৰ পিছত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেন্ট কাউন্সিল গঠন কৰাৰ সিদ্ধান্ত লৈ আদিবাসীসকলৰ উন্নয়নৰ বাবে ১৫ শ কোটি টকাৰ পেকেজ ঘোষণা কৰিছিল। কিন্তু এই শান্তিচুক্তি স্বাক্ষৰ কৰাৰ প্ৰায় দুমাহ পিছত অস্তিত্ব জাহিৰ কৰিবলৈ বিচৰা আপলা নামৰ এই উগ্ৰপন্থী সংগঠনটোৱেও এতিয়া চৰকাৰৰ সৈতে আলোচনাত মিলিত হবলৈ আগ্ৰহ প্ৰকাশ কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে।
কিন্তু এই আদিবাসী উগ্ৰপন্থী সংগঠনটোৰ নাম হয়তো নাই আৰক্ষীৰ ৰেকৰ্ডত। এই উগ্ৰপন্থী গোটটো পূৰ্বৰ কোনো এটা গোটৰ পৰা ফালৰি কাটি অহা গোট নে নতুনকৈ সৃষ্টি হোৱা গোট সেয়া স্পষ্ট হোৱা নাই ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|