শীঘ্ৰে ইংৰাজী ভাষাৰ পাঠক সকলেও লুটিয়াব পাৰিব “হৃদয় এক বিজ্ঞাপন”ৰ পৃষ্ঠা । সদ্য ঘোষিত সাহিত্য অকাডেমি বঁটা বিজয়ী অনুৰাধা শৰ্মা পূজাৰীৰ এই কালজয়ী সৃষ্টি ইংৰাজী ভাষাত উপলব্ধ হোৱাৰ এই বতৰাই অসমীয়া সাহিত্যৰ বিশ্বজনীন স্বীকৃতিত এক সংযোজন বুলি সকলোৱে অভিহিত কৰিছে ।
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এথেন্সৰ ইউনিভাৰ্চিটি অৱ জৰ্জিয়াৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক আৰুণি কাশ্যপে অনুবাদ কৰিছে এই গ্ৰন্থ। উল্লেখযোগ্য যে, কাশ্যপে অসমৰ ৮০, ৯০দশকৰ সামাজিক পৰিস্থিতিৰ পটভূমিত লিখিছিল উলিয়াইছিল “The House With a Thousand Stories” নামৰ গ্ৰন্থখন । “হৃদয় এক বিজ্ঞাপন”ৰ ইংৰাজী অনুবাদ প্ৰকাশ কৰিব Penguin Random House Indiaই ।
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰুণি কাশ্যপে কয় – “অতি আনন্দৰে জনাওঁ যে, অনুৰাধা শৰ্মা পূজাৰীৰ 'হৃদয় এক বিজ্ঞাপন'ৰ ইংৰাজী অনুবাদ Penguin Random House India শীঘ্ৰে মুকলি কৰা হ'ব। এইখন মোৰ অন্যতম প্রিয় গ্ৰন্থ আৰু অসমত সৰ্বাধিক সমাদৃত। এই উপন্যাসখনে অসমৰ এটা প্ৰজন্মক প্ৰতিফলন কৰে আৰু ৯০দশকৰ যৌৱন প্ৰাপ্ত প্ৰতিজনৰ মানসপটত সুকীয়া স্থান দখল কৰে।“
অনুৰাধা শর্মা পূজাৰীয়ে ১০খনকৈ অধিক উপন্যাস লিখি উলিয়াইছে । তেওঁৰ “ইয়াত এখন অৰণ্য আছিল” নামৰ উপন্যাসখনৰ কাৰণে অকাডেমি বঁটা লাভ কৰিছে। তেওঁৰ গ্ৰন্থ বাণিজ্যিক দিশত সফল হোৱাৰ উপৰিও গ্ৰন্থ সমালোচকৰ মাজত ব্যাপক ভাৱে সমাদৃত। ২০০৩ চনত শৰ্মা পূজাৰীয়ে অসম সাহিত্য সভাৰ পৰা কুমাৰ কিশোৰ স্মাৰক সাহিত্য বঁটা লাভ কৰিছিল। উল্লেখ্য যে, হৃদয় এক বিজ্ঞাপন' ৯০দশৰৰ কলিকতাৰ পটভূমিত ৰচিত।