শনিবাৰে বলীউদৰ প্ৰখ্যাত অভিনেতা তথা ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ প্ৰাক্তন অধ্যক্ষ অনুপম খেৰ অসমত আহি উপস্থিত হয়। তেখেতে সামাজিক মাধ্যম টুইটাৰ আৰু ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি এই কথা জনায়। তেওঁ পোষ্টটোত উৰাজাহাজৰ ভিতৰৰ পৰা অসমৰ বাৰ্ড ভিউ এংগেলৰ পৰা (ওপৰৰ পৰা লোৱা দৃশ্য) দৃশ্যগ্ৰহণ কৰা এটা চমু ভিডিঅ’ শ্বেয়াৰ কৰে। লগতে তেওঁ লিখে, "ধুনীয়া আৰু সেউজীয়া গুৱাহাটীত অৱতৰণ কৰিলোঁ। মানুহ আৰু অসমৰ সংস্কৃতিক ভাল পাওঁ! জয় হো!" এই পোষ্টটোত তেওঁ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো টেগ কৰে। প্ৰায় ডেৰ মিনিটৰ এই ভিডিঅ’টোত অসমৰ এখন সুন্দৰ দৃশ্য পৰিস্ফুট হৈছে।
আনহাতে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিনেতা অনুপম খেৰক অসমত স্বাগতম জনাই এটা ৰিপ্লাই পোষ্ট কৰে।
অনুপম খেৰে মুখ্যতঃ হিন্দী ভাষাত ৫০০ৰো অধিক চলচ্চিত্ৰ, আৰু বহুতো নাটকত অভিনয় কৰিছে। তেওঁ এতিয়ালৈকে দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু আঠটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।
মন কৰিব লগীয়া যে, তেওঁ ভাৰতৰ কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণপত্ৰ পৰিষদ আৰু ৰাষ্ট্ৰীয় নাটক বিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। চলচ্চিত্ৰ আৰু কলাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০০৪ চনত পদ্মশ্ৰী আৰু ২০১৬ চনত পদ্মভূষণেৰে সন্মানিত কৰিছিল। অনুপম খেৰক ২০১৭ চনৰ অক্টোবৰত ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ (এফটিআইআই) অধ্যক্ষ হিচাপে নিযুক্ত কৰা হৈছিল।
শেহতীয়াকৈ কাশ্মীৰত নিৰ্যাতিত পণ্ডিতৰ ওপৰত আধাৰিত ছবি 'দ্যা কাশ্মীৰ ফাইলছ'ত তেখেতে এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিছিল।
ইফালে অভিনেতা অনুপম খেৰে কি কাৰণত অসমলৈ আহিছে সেইয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।
Published by: Sehnaz Begum
FIRST PUBLISHED : September 18, 2022, 14:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|