உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ''অচমীয়া চলবে না... বৰাকে বাংলাই চলবে''ক লৈ অনুপ চেতিয়াৰ পৰামৰ্শমূলক সকীয়নি

    ''অচমীয়া চলবে না... বৰাকে বাংলাই চলবে''ক লৈ অনুপ চেতিয়াৰ পৰামৰ্শমূলক সকীয়নি

    চেতিয়াই বৰাকৰ সচেতন ৰাইজক উক্ত উগ্ৰ–জাতীয়তাবাদীসকলক আইনৰ জৰিয়তে শাস্তি প্ৰদানৰ বাবে আহ্বান জনায়।

    চেতিয়াই বৰাকৰ সচেতন ৰাইজক উক্ত উগ্ৰ–জাতীয়তাবাদীসকলক আইনৰ জৰিয়তে শাস্তি প্ৰদানৰ বাবে আহ্বান জনায়।

    চেতিয়াই বৰাকৰ সচেতন ৰাইজক উক্ত উগ্ৰ–জাতীয়তাবাদীসকলক আইনৰ জৰিয়তে শাস্তি প্ৰদানৰ বাবে আহ্বান জনায়।

    • Share this:

    'বৰাকে চৰকাৰী ভাষা বাংলা এবং এখনে বাংলাই চলবে' বুলি দম্ভালি মৰা বৰাক উপত্যকাৰ বঙালী উগ্ৰ–জাতীয়তাবাদীয়ে অসমীয়া ভাষাত ক'লা ৰং সনাক লৈ মত প্ৰকাশ কৰিলে আলফাৰ আলোচনাপন্থী নেতা অনুপ চেতিয়াই।


    চেতিয়াই আজি সাংবাদিকৰ আগত এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– ''বৰাকত থকা উগ্ৰ–জাতীয়তাবাদী লোকসকলে কেতিয়াও অসমীয়াৰ লগত মিলি থাকিব নিবিচাৰে। এই ঘটনাত এটা ৰাজনৈতিক দুষ্ট চক্ৰয়ো কাম কৰিছে।''


    আলফাৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে অসমীয়া ভাষা মচি তেওঁলোকে কৰা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয়, যেনেদৰে এই কাৰ্যৰ প্ৰতিক্ৰিয়াস্বৰূপে অসমৰ বঙালীভাষীৰ ওপৰত আক্ৰমণ কৰা বা বঙলা ভাষাৰ স্কুলত আক্ৰমণ কৰাটো গ্ৰহণযোগ্য নহ'ব। গ্ৰহণযোগ্য নহয় বাবে এই কাম ''আমি কৰিবলৈ নাযাওঁ'' বুলি প্ৰকাশ কৰে চেতিয়াই।


    আনহাতে এই ঘটনাক লৈ উক্ত বঙালী উগ্ৰ–জাতীয়তাবাদীসকলক সকীয়াই চেতিয়াই কয়– ''অসমীয়া ভাষা মচি যিসকলে অসমীয়া জাতি আৰু অসমীয়াৰ স্বাভিমানত আঘাত কৰিছে, তেওঁলোকক আমি সকীয়াই দিব বিচাৰোঁ যে এনে পদক্ষেপ গ্ৰহণ নকৰিব।''


    চেতিয়াই বৰাকৰ সচেতন ৰাইজক উক্ত উগ্ৰ–জাতীয়তাবাদীসকলক আইনৰ জৰিয়তে শাস্তি প্ৰদানৰ বাবে আহ্বান জনায়। আনহাতে এই ঘটনাৰ বাবে যদি সম্প্ৰীতি বিনষ্ট হয় তাৰ বাবে উক্ত উগ্ৰ–জাতীয়তাবাদীসকলেই জগৰীয়া হ'ব বুলি মত প্ৰকাশ কৰে।


     

    উল্লেখ্য, বাংলা ডেমক্ৰেটিক ফ্ৰণ্ট আৰু এবিৱাইএছ নামৰ বৰাকৰ দুটা সংগঠনে বৰাকৰ শিলচৰ ৰে'ল ষ্টেচনৰ সন্মুখত থকা এখন চৰকাৰী ফলকত থকা অসমীয়া ভাষাৰ মচি পেলায়।  অসম চৰকাৰৰ জলজীৱন মিছনৰ অসমীয়া ভাষাত লিখা এখন চৰকাৰী পোষ্টাৰ শিলচৰ ৰে'লৱে ষ্টেচনৰ সন্মুখত লগাইছিল অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে। তাৰ পিছতে দেওবাৰে দিনত এই সংগঠন দুটাই অসমীয়া ভাষাৰ পোষ্টাৰ বৰাকত ব্যৱহাৰ কৰাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

    Published by:Gautam Barman
    First published: