চৰম সিদ্ধান্ত লোৱাৰ দিন বৃদ্ধিৰ সম্ভৱনা, কুইপ'ৰ অপহৃত দুই বিষয়াক লৈ মধ্যস্থতা অব্যাহত

অপহৃত বিষয়া দুজনৰ মুক্তিৰ ক্ষেত্ৰত পৰেশ বৰুৱাই বান্ধি দিয়া চৰ্ত ৰক্ষা কৰাত কুইপ'ৰ বিশেষ অসুবিধা নহ'ব বুলি সদৰি কৰে অনুপ চেতিয়াই৷
অপহৃত বিষয়া দুজনৰ মুক্তিৰ ক্ষেত্ৰত পৰেশ বৰুৱাই বান্ধি দিয়া চৰ্ত ৰক্ষা কৰাত কুইপ'ৰ বিশেষ অসুবিধা নহ'ব বুলি সদৰি কৰে অনুপ চেতিয়াই৷
- News18 Assam
- Last Updated: February 21, 2021, 4:55 PM IST
শুকুৰবাৰে কুইপ'ৰ সৈতে আৰু কোনোধৰণৰ আলোচনা পৰৱৰ্তীকালত আলফা স্বাধীনে নকৰে বুলি ঘোষণা কৰিছিল৷ ১৬ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ চলা আলোচনাত সমস্যা সমাধানৰ কোনো সূত্ৰ নোলোৱাত তৈলক্ষেত্ৰ খননকাৰী কোম্পানীটোৰ দুই অপহৃত বিষয়াক পৰ্যায়ক্ৰমে চৰম শাস্তি দিয়া হ'ব বুলি ঘোষণা কৰিছিল৷ আলফা স্বাধীনৰ সেই ঘোষণাৰ পিছতে সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰে৷
মানৱীয়তাৰ খাটিৰত অপহৃত বিষয়া বিহাৰৰ ৰাম কুমাৰ আৰু শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈক মুক্তি দিবলৈ বিভিন্ন দল-সংগঠনে আহ্বান জনাইছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ তথা উপ–সভাপতি পৰেশ বৰুৱাক৷ ইয়াৰ মাজতে এজন মধ্যস্থতাকাৰীয়ে অব্যাহত ৰাখিছে আলফা স্বাধীন আৰু কুইপ'ৰ মাজত মধ্যস্থতা৷ দুয়োপক্ষৰ মাজত মধ্যস্থতা কৰি অপহৃত বিষয়া দুজনক মুকলি কৰি আনিবলৈ চলোৱা প্ৰচেষ্টা সফল হোৱাৰ সম্ভৱনা আছে আৰু দুয়োপক্ষক এৰা ধৰা কৰিবলৈ আহ্বান জনাইছে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই৷
অপহৃত বিষয়া দুজনৰ মুক্তিৰ ক্ষেত্ৰত পৰেশ বৰুৱাই বান্ধি দিয়া চৰ্ত ৰক্ষা কৰাত কুইপ'ৰ বিশেষ অসুবিধা নহ'ব বুলি সদৰি কৰে অনুপ চেতিয়াই৷ চেতিয়াৰ মতে মধ্যস্থতা চলি আছে আৰু এইক্ষেত্ৰত অনুপ চেতিয়াই নিজেও বিশেষ উদ্যোগ গ্ৰহণ কৰিছে বুলি সদৰি কৰে News18ৰ আগত৷
আশা কৰা হৈছে কুইপ' আৰু আলফা স্বাধীনৰ মাজত থকা সংঘাত আলোচনাৰ জৰিয়তে সমাধান হ'ব আৰু শীৰ্ঘে অপহৃত ৰাম কুমাৰ আৰু প্ৰণৱ কুমাৰ গগৈয়ে মুক্তি লাভ কৰিব৷