১৬,৯৪৪ গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান

ৰাজ্যৰ মুঠ ১৬,৯৪৪ গৰাকী ছাত্ৰ–ছাত্ৰীক প্ৰদান কৰা হ’ব এই বঁটা।
ৰাজ্যৰ মুঠ ১৬,৯৪৪ গৰাকী ছাত্ৰ–ছাত্ৰীক প্ৰদান কৰা হ’ব এই বঁটা।
- News18 Assam
- Last Updated: September 30, 2020, 7:36 PM IST
ৰাজ্যৰ মুঠ ১৬,৯৪৪ গৰাকী ছাত্ৰ–ছাত্ৰীক প্ৰদান কৰা হ’ব এই বঁটা। এই বঁটাৰ বাবে চৰকাৰে মুকলি কৰিছে মুঠ ৩৪ কোটি টকা। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিধায়িকা আঙুৰলতা ডেকা।
অনুষ্ঠানত উপস্থিত থাকি শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় – 'কোভিড–১৯ৰ বাবে এইবাৰ সকলোৰে বেংক একাউণ্টলৈ লেপটপ কিনিবলৈ ২০ হাজাৰ টকা দিয়া হৈছে।পৰৱৰ্তী সময়ত মতামতৰ ভিত্তিত লেপটপ অথবা লেপটপ কিনিবলৈ চেক দিয়া হ’ব, সেই কথা নিৰ্ধাৰণ কৰিম। ২০০৫ বৰ্ষত বঁটা দিয়াৰ সময়ত তিনি মাহ মোৰ বাবে এক প্ৰত্যাহ্বান হিচাপে পৰিগণিত হৈছিল। ২০০৫ বৰ্ষৰ পৰা এতিয়ালৈ ৩,৭৩,৮৫৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ হাতত তুলি দিয়া হৈছে এই বঁটা। চাৰিটা বছৰ পৰিকল্পনা ৰূপায়ন বিভাগে এই আঁচনিৰ কাম কৰাৰ পিছত শিক্ষা বিভাগক ইয়াৰ দায়িত্ব দিয়া হৈছিল। এই বঁটাৰ নামৰ বাবে আনন্দৰাম বৰুৱাৰ প্ৰতিদ্বন্দ্বী কোনো নাছিল। মেট্ৰিকত ষ্টাৰ, প্ৰথম বিভাগ, স্থান আৰু ডিষ্টিংশ্যন পোৱাসকল আমাৰ জাতিৰ ভৱিষ্যতৰ সোণোৱালী জীৱনৰ সমাজৰ আদৰ্শ।’
আনহাতে, অসমৰ শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ৬ শতাংশ খৰচ কৰা দেশৰ ভিতৰত উৎকৃষ্ঠ ৰাজ্য হিচাপে বিবেচিত হোৱাৰ কথা প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ডিচেম্বৰ মাহত উচ্চতৰ মাধ্যমিক পৰ্যায়ত প্ৰথম স্থান লাভ কৰা ছাত্ৰীসকলক বাণীকান্ত কাকতি বঁটা প্রদান কৰা হ’ব। এই বঁটাত থাকিব একোখনকৈ স্কুটী।