• Home
  • »
  • News
  • »
  • assam
  • »
  • Guwahati: বাৰত সুৰাপান কৰিবলৈ গৈ কৰিলে কি? মহানগৰীৰ Nut & Brew বাৰত সম্ভ্ৰান্ত ঘৰৰ ৪ যুৱকৰ উচ্ছৃংখলতা

Guwahati: বাৰত সুৰাপান কৰিবলৈ গৈ কৰিলে কি? মহানগৰীৰ Nut & Brew বাৰত সম্ভ্ৰান্ত ঘৰৰ ৪ যুৱকৰ উচ্ছৃংখলতা

বিলাসী হোটেল পেলেচিঅ'তো সাধাৰণ কথাতে ছেফক মাৰধৰ কৰি পলাতক হৈ আছিল ইয়াৰে এজন

বিলাসী হোটেল পেলেচিঅ'তো সাধাৰণ কথাতে ছেফক মাৰধৰ কৰি পলাতক হৈ আছিল ইয়াৰে এজন

বিলাসী হোটেল পেলেচিঅ'তো সাধাৰণ কথাতে ছেফক মাৰধৰ কৰি পলাতক হৈ আছিল ইয়াৰে এজন

  • Share this:
সময় তেতিয়া নিশা ১১ বাজিছিল ৷ ডাউন টাউনৰ Nut & Brew নামৰ বাৰখনত সেই সময়ত সুৰাপান কৰি আছিল চাৰি যুৱক ক্ৰমে কৃশানু ভৰদ্বাজ, জনক কুমাৰ পাঠক, আচিক ৰহমান আৰু বিশ্বজিৎ দলে ৷ কিন্তু হঠাতে সুৰাপান কৰি থকাৰ মাজতে প্ৰথমে নিজৰ মাজতে কাজিয়াৰ সূত্ৰপাত হয় যদিও বাৰ কৰ্তৃপক্ষৰ বুজনিত পৰিস্থিতি ক্ষান্ত হয় আৰু পুনৰ সুৰাপান কৰে ৪যুৱকে ৷

কিছু সময় সুৰাপান কৰাৰ পিছত পুনৰ ৪ যুৱকৰ উদ্ভাণ্ডালি আৰম্ভ হয়। ইয়াৰ সীমা চেৰাই বাৰখনত থকা অন্য এজন গ্ৰাহকক ৪যুৱকে বেয়াকৈ মাৰধৰ কৰাৰ লগতে বাৰখনৰ চকী, বেঞ্চ, গ্লাছ ভাঙি বিনষ্ট কৰে ৷ অৱশেষত পৰিৱেশ শান্ত নোহোৱাত বাৰ কৰ্তৃপক্ষ কাষ চাপে দিছপুৰ আৰক্ষীৰ ৷

আৰক্ষী উপস্থিত হৈ আটক কৰে চাৰিও যুৱকক ৷ অভিযোগ মতে পূৰ্বেও এই ৪ যুৱকে মহানগৰীৰ বহুকেইখন বাৰত নিশা সুৰাপান কৰি উদভণ্ডালি কৰি আহিছিল ৷ প্ৰায় এবছৰ পূবে কৃষাণু ভৰদ্বাজ নামৰ যুৱকজনে অন্য বন্ধুৰে মিলি মহানগৰীৰ বিলাসী হোটেল পেলেচিঅ'তো সাধাৰণ কথাতে ছেফক মাৰধৰ কৰি পলাতক হৈ আছিল ৷ অৱশ্য পিছত সেই গোচৰত জামিন লাভ কৰে।
Published by:Gautam Barman
First published: