আকৌ ফেচবুকত ভাৰতবিৰোধী পোষ্ট। গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ উৰিয়ামঘাটৰ এজন যুৱকে ফেচবুকত দেশবিৰোধী পোষ্ট আপলোড কৰি সমাজত বিষবাস্প বিয়পোৱাৰ চেষ্টা চলোৱা দেখা গৈছে ৷ কাবুল খান নামৰ এটা ফেচবুক একাউণ্টৰ পৰা ‘পাকিস্তান জিন্দাবাদ , ইণ্ডিয়া মুৰ্দাবাদ’ শ্লোগান লিখাৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কৰিছে অশালীন মন্তব্য।
ফেচবুক একাউণ্টত উৰিয়াঘাটৰ ঠিকনা লিখা কাবুল খানৰ ঘৰ উৰিয়ামঘাটৰ পিঠাঘাট জাকিৰ তিনি আলিৰ বুলি জানিবপৰা গৈছে ৷ ফেচবুকত দেশবিৰোধী পোষ্ট দিয়াৰ ওপৰি কাবুলে ৯৩৬৫২৭৯৫৬৭ এটা মোবাইল নম্বৰো উল্লেখ কৰিছে ৷
দেশবিৰোধী আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশালীন মন্তব্য কৰা কাবুল খানৰ বিৰুদ্ধে আমছুৰ ধনশিৰি সমিতিয়ে উৰিয়ামঘাট থানাত এক গোচৰ ৰুজু কৰিছে৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : June 22, 2020, 21:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।