হাইলাকান্দিৰ কুচিলা এলেকাত থকা চিআৰপিএফ কেম্পত প্ৰায় ৮০ গ্ৰাম হেৰোইন, ১৫ কেজি গাঞ্জাসহ বৃহৎ পৰিমাণৰ ইয়াবা টেবলেট আৰু কফ চিৰাপ ধ্বংস কৰে আৰক্ষীয়ে ।
হাইলাকান্দিৰ কুচিলা এলেকাত থকা চিআৰপিএফ কেম্পত প্ৰায় ৮০ গ্ৰাম হেৰোইন, ১৫ কেজি গাঞ্জাসহ বৃহৎ পৰিমাণৰ ইয়াবা টেবলেট আৰু কফ চিৰাপ ধ্বংস কৰে আৰক্ষীয়ে ।
আজি আন্তৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস (Anti Drugs Day) । ইয়াৰ সৈতে সংগতি ৰাখি আজি হাইলাকান্দি আৰক্ষীয়ে নষ্ট কৰিলে বৃহৎ পৰিমাণ অবৈধ ড্ৰাগছ । দেওবাৰে দুপৰীয়া হাইলাকান্দি (Hailakandi)ৰ কুচিলা এলেকাত থকা চিআৰপিএফ কেম্পত প্ৰায় ৮০ গ্ৰাম হেৰোইন, ১৫ কেজি গাঞ্জাসহ বৃহৎ পৰিমাণৰ ইয়াবা টেবলেট আৰু কফ চিৰাপ ধ্বংস কৰে আৰক্ষীয়ে ।
ধ্বংসকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৭১ লাখ টকা হ'ব বুলি জনাইছে হাইলাকান্দিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুমন চক্ৰবৰ্তীয়ে । যোৱা বছৰত হাইলাকান্দিৰ বিভিন্ন ঠাইৰ পৰা আৰক্ষীৰ অভিযানত জব্দ কৰা এই ড্ৰাগছখিনি ন্যায়ালয়ৰ নিৰ্দেশত ধ্বংস কৰা হৈছে বুলিও জনায় আৰক্ষী বিষয়া গৰাকীয়ে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|