নগাঁৱত অবৈধ অস্ত্ৰৰ ঝনঝননিত সন্ত্ৰস্ত হৈ পৰিছে সাধাৰণ নাগৰিক। চলিত সপ্তাহটোত নগাঁও আৰক্ষীয়ে অপৰাধীৰ পৰা তিনিটাকৈ অবৈধ মাৰণাস্ত্ৰৰ লগতে জব্দ কৰিছে ভালেসংখ্যক সজীৱ গুলী।
কালি নিশা নগাঁও আৰক্ষীয়ে নগাঁও চহৰৰ সমীপৰ কাতিমাৰীত অভিযান চলাই তিনি দুৰ্ধৰ্ষ ডকাইতক কৰায়ত্ত কৰাৰ লগতে এটা হস্তনিৰ্মিত পিষ্টলসহ দুই জাঁই সজীৱ গুলী জব্দ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত খবৰ মতে, নগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি কাতিমাৰীত অভিযান চলাই তিনিটাকৈ কুখ্যাত ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
আটকাধীন ডকাইতকেইটা হৈছে মফিজুল ইছলাম, আইনুদ্দিন আৰু টুৰা আলী। আৰক্ষীয়ে ধৃত মফিজুল ইছলামৰ বাসগৃহৰ পৰা এটা হস্তনিৰ্মিত পিষ্টলসহ দুজাঁই সজীৱ গুলী আৰু ১ লাখ ৪০ হাজাৰ টকা জব্দ কৰে। ধৃত ডকাইত তিনিটা কিছুদিন পূৰ্বে হুজ গাঁৱত পুৱতিনিশা সংঘটিত এক ডকাইতিৰ কাণ্ডত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|