কুখ্যাত অপৰাধী তাজনুৰক গ্ৰেপ্তাৰৰ পিছত আজি নগাঁৱত উপস্থিত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দল

News18 Assam | News18-Assam
Updated:June 10, 2021, 2:51 PM IST
কুখ্যাত অপৰাধী তাজনুৰক গ্ৰেপ্তাৰৰ পিছত আজি নগাঁৱত উপস্থিত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দল
অৱশ্যে আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত কোনো তথ্য সদৰি কৰা নাই।

অৱশ্যে আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত কোনো তথ্য সদৰি কৰা নাই।

  • Share this:
নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰ নং ২৬৫/২০ত গ্ৰেপ্তাৰ হোৱা কুখ্যাত অপৰাধী তাজনুৰ হুছেইন ওৰফে ৰাজাৰ গ্ৰেপ্তাৰৰ পিছতে আজি নগাঁৱত উপস্থিত হ'ল আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ এটা দল। গুৱাহাটীৰ পৰা অহা দুৰ্নীতি নিবাৰকৰ ৩জনীয়া দলটোৱে নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ কোঠাত প্ৰায় ২ ঘণ্টা সময় জেৰা চলায়। আৰক্ষীৰ কোনো বিষয়াৰ সৈতে তাজনুৰৰ সম্পৰ্ক আছিল নেকি সেয়াও তদন্ত কৰিব দলটোৱে।

উল্লেখযোগ্য যে, জিলাখনৰ এজন প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে ঘনিষ্ঠতাৰ অভিযোগ বিভিন্ন মাধ্যমত। মৰিগাঁও আৰক্ষীৰ কোন শীৰ্ষ বিষয়াই তাজনুৰক ৰাজ আতিথ্য প্ৰদান কৰিছিল সেই বিষয়ক লৈয়ো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। কাৰণ বিগত বছৰটোত তাজনুৰে মৰিগাঁৱৰ বহু লোকক আৰক্ষীৰ নামত ব্লেকমেইলিং কৰাৰো অভিযোগ উত্থাপিত হৈছিল। অৱশ্যে সকলো অভিযোগৰ সত্যতা অনুসন্ধানত স্পষ্ট হ’ব।

শেহতীয়াভাৱে তাজনুৰ গ্ৰেপ্তাৰ হোৱাৰ পিছতে যোৱা ৮ জুনত এই সন্দৰ্ভত সম্প্ৰচাৰিত হৈছিল বাতৰি। তাৰ পিছতে আজি নগাঁৱত উপস্থিত হ'ল দুৰ্নীতি নিবাৰক শাখাৰ দল।

অৱশ্যে আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত কোনো তথ্য সদৰি কৰা নাই। তেওঁলোকে সংবাদ মাধ্যমক জনোৱা অনুসৰি, সকলো বিষয় সামৰি তদন্ত চলি আছে আৰু পৰৱৰ্তী সময়ত এই সকলো কথা প্ৰকাশ কৰিব।
Published by: Sanjay Kumar Das
First published: June 10, 2021, 2:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি