কংগ্ৰেছ চৰকাৰৰ দিনত মৰিয়নী সমষ্টিৰ বিধায়কৰূপে তিনিটা কাৰ্যকাল ভোগ কৰা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে চলিছে মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। ২০১১ৰ পৰা ২০১৭ বৰ্ষলৈ বিধায়ক পুঁজিৰ ব্যৱহাৰত ব্যাপক অনিয়ম হোৱা বুলি ২০১৭ চনত এগৰাকী বিজেপি নেতাই মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাত অভিযোগ উত্থাপন কৰিছিল। সেই অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মৰিয়নী আৰু যোৰহাট উপায়ুক্ত কাৰ্যালয়ত অনুসন্ধান চলাইছিল। কিন্তু বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে চতুৰ্থবাৰৰ বাবে কংগ্ৰেছী বিধায়কৰূপে ২০২১ চনৰ বিধান সভা নিৰ্বাচনত জয়ী হোৱাৰ কেইমাহমান পাছতে বিজেপিত যোগদান কৰে। ইয়াৰ পিছতে বিধায়কগৰাকীৰ বিৰুদ্ধে চলা মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ তদন্তও একপ্ৰকাৰ স্তব্ধ হৈ পৰে।
কিন্তু ৯ জুনত মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ কৰা হ'ব বুলি ঘোষণা কৰা পিছত ইয়াৰ এদিন পূৰ্বে মৰিয়নীত ৰূপজ্যোতি কুৰ্মীৰ বিধায়ক পুঁজি ব্যৱহাৰত সংঘটিত অনিয়মৰ তদন্তৰ বাবে দুৰ্নীতি নিবাৰক শাখা উপস্থিত হোৱা কাৰ্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে।
আজি তদন্তকাৰী দলটোৱে মৰিয়নী নগৰ সমিতি আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লগতে মৰিয়নীৰ বিভিন্ন অনুষ্ঠান–প্ৰতিষ্ঠানক বিতৰণ কৰা বিধায়ক পুঁজি সঠিক ব্যৱহাৰ সম্পৰ্কে চৰজমিন তদন্ত চলায়। আনহাতে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি অহা ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মৰিয়নীৰ বিধায়কগৰাকীয়ে কংগ্ৰেছৰ দিনত দুৰ্নীতি–অনিয়ম সংঘটিত কৰা বুলি প্ৰমানিত হ'লে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|