দুৰ্নীতি নিবাৰক শাখাই উত্কোচ লওঁতে হাতে-লোটে কৰায়ত্ত কৰা গুৱাহাটী পৌৰ নিগমৰ মুখ্য অভিযন্তা ইন্দ্ৰজিত বৰাৰ ভেটাপাৰাৰ ঘৰতো চলোৱা হয় অভিযান। দুৰ্নীতি নিবাৰক শাখা কাৰ্যালয়লৈ বৰাক লৈ যোৱাৰ লগতে বৰাৰ ঘৰত তালাচী চলাই শাখাটোৱে।
অভিযানত বৰাৰ ঘৰৰ পৰা জব্দ কৰা হয় ৬ লাখৰো অধিক টকা। জব্দ কৰা হয় টকা গণনা কৰা মেচিন, এখন AUDI বাহন, ২০ খনতকৈও অধিক বেংকৰ পাছবুক।
প্ৰায় ৯টা বেংক একাউণ্ট আছে বৰাৰ। গুৰুত্বপূৰ্ণ যে ইন্দ্ৰজিত্ বৰাৰ ঘৰৰ পৰা জব্দ কৰা হয় এটা এয়াৰ গান। জব্দ কৰা হয় .22mmৰ ১০টাতকৈ অধিক গুলী। এয়া বৰাৰ গেম ভিলেজত থকা আন এটা ঘৰৰ পৰা জব্দ কৰা হয়। লগতে অনুজ্ঞাপত্ৰ থকা এটা পিষ্টলো উদ্ধাৰ হয়।
Published by: Gautam Barman
FIRST PUBLISHED : March 22, 2023, 22:54 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।