দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি ৰাজ্য চৰকাৰৰ। কিন্তু দুৰ্নীতি একপ্ৰকাৰ নিচাত পৰিণত হোৱা চৰকাৰী কৰ্মচাৰীয়ে এৰিব পৰা নাই এই অবৈধ প্ৰথা। তাৰেই প্ৰমাণ পোৱা গ'ল আজি ৰাজধানী চহৰ গুৱাহাটীৰ চানমাৰিত (Government employees arrested for accepting bribe)।
চানমাৰি জলসিঞ্চন কাৰ্যালয়ত (Irrigation Department Assam) আজি দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে-লোটে কৰায়ত্ত কৰে এগৰাকী ঘোচখোৰ কৰ্মচাৰীক।পেঞ্চনৰ নামত উৎকোচ লৈ থকাৰ সময়ত হাতে-লোটে ধৰি গ্ৰেপ্তাৰ কৰে তেওঁক।
গ্ৰেপ্তাৰ হোৱা বিষয়াজনৰ নাম দীপ বণিয়া। বণিয়া Central Monitoring Cellৰ পেঞ্চন বিভাগৰ জ্যেষ্ঠ সহকাৰী বিষয়া ৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল। পেঞ্চনৰ নামত তেওঁ ২০০০ টকা লৈ জালত পৰে দুৰ্নীতি নিবাৰক শাখাৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|