• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘কা’ বিৰোধী নেতা শৃংখল চলিহাৰ উদ্যোগত শীঘ্ৰেই আন এটা নতুন ৰাজনৈতিক দল, কংগ্ৰেছক সমৰ্থন জনাবনে?

‘কা’ বিৰোধী নেতা শৃংখল চলিহাৰ উদ্যোগত শীঘ্ৰেই আন এটা নতুন ৰাজনৈতিক দল, কংগ্ৰেছক সমৰ্থন জনাবনে?

ইমানকেইটা আঞ্চলিক ৰাজনৈতিক দলে অসমত আত্মপ্ৰকাশ কৰাৰ পিছত নিৰ্বাচনৰ বাবে পুঁজিৰ যোগাৰ কেনেকৈ হব ? এই প্ৰশ্নৰ উত্তৰত শৃংখল চলিহাই কয় যে অসমৰ জাতীয়তাবাদত বিশ্বাসী ৰাইজে তেওলোকক পুঁজিৰ যোগান ধৰিব। উজনি অসমৰ প্ৰায়বোৰ সমষ্টিতে প্ৰতিদ্বন্দিতা আগবঢ়াব এই নতুন দলটোৱে । এই দলটোৱে সমৰ্থন আগনবঢ়ায় কংগ্ৰেছ আৰু এআইইউডিএফক ।

  • Share this:
ৰাজনৈতিক দল খোলাৰ ধাৰাবাহিকতা অব্যাহত! ২০২১ চনৰ বিধানসভা নিৰ্বাচনত এইবাৰ অসমত দেখিবলৈ পোৱা যাব বহুকেইটা আঞ্চলিক ৰাজনৈতিক দল । ইটোৰ পিছত সিটো ৰাজনৈতিক দলৰ আত্মপ্ৰকাশ ঘটিছে অসমত । ৯দিনৰ পিছত অৰ্থাৎ অহা ১০ চেপ্টেম্বৰত অসমত জন্ম লাভ কৰিব আৰু এটা নতুন ৰাজনৈতিক দলে । বৰ্তমান একাংশ বুদ্ধিজীৱিৰে গঠিত পৰামৰ্শদাতা কমিতিৰ সৈতে এই দলটো সন্দৰ্ভত আলোচনা কৰি থকা হৈছে । কিন্তু কোনে খুলিব এইটো ৰাজনৈতিক দল !
এই নতুন ৰাজনৈতিক দলটো গঠন কৰিব বীৰ লাচিত সেনা ,অসমে । গুৱাহাটীত অনুষ্ঠিত সাধাৰণ সভাত হোৱা সিদ্ধান্ত মৰ্মে বীৰ লাচিত সেনা অসমে জন্ম দিব এটা নতুন ৰাজনৈতিক দল । অহা দহ দিনৰ ভিতৰত আনুষ্ঠানিক ভাৱে আত্মপ্ৰকাশ কৰিব এই নতুন ৰাজনৈতিক দলটোৱে । সোমবাৰে বিয়লি যোৰহাটত সংগঠনটোৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাই সংবাদমাধ্যমৰ সন্মুখত এই কথা ঘোষণা কৰে ।
কিন্তু অসমত পৃথকে পৃথকে আঞ্চলিক দল খুলিবলৈ লোৱা হৈছে কিয় ! কিয় সকলো আঞ্চলিক শক্তি একত্ৰিত হৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে ! ইয়াৰ উত্তৰত শৃংখল চলিহাই এনেদৰে কয় , " সকলো সংগঠন তথা দলে নিজৰ নিজৰ পৰিচয় বিচাৰে । সেয়েহে পৃথকে ৰাজনৈতিক দল খোলা হৈছে । কিন্তু আমাৰ মাজত আলোচনা হৈছে । আছু , কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি অসমত যিমানকেইটা আঞ্চলিক ৰাজনৈতিক দল হব আমি সকলোৱে একেলগে মিলি কাম কৰিম । আমি যতেই যাও ৰাইজে সোধে যে, এইবাৰ নিৰ্বাচনত নতুন চিনত ভোট দিবলৈ পামনে? সেয়েহে আমি ৰাজনৈতিক ক্ষেত্ৰখনত আত্মপ্ৰকাশ কৰিছো ।"
ইমানকেইটা আঞ্চলিক ৰাজনৈতিক দলে অসমত আত্মপ্ৰকাশ কৰাৰ পিছত নিৰ্বাচনৰ বাবে পুঁজিৰ যোগাৰ কেনেকৈ হব ? এই প্ৰশ্নৰ উত্তৰত শৃংখল চলিহাই কয় যে অসমৰ জাতীয়তাবাদত বিশ্বাসী ৰাইজে তেওলোকক পুঁজিৰ যোগান ধৰিব। উজনি অসমৰ প্ৰায়বোৰ সমষ্টিতে প্ৰতিদ্বন্দিতা আগবঢ়াব এই নতুন দলটোৱে । এই দলটোৱে সমৰ্থন আগনবঢ়ায় কংগ্ৰেছ আৰু এআইইউডিএফক ।
" কোনো ক্ষেত্ৰতে আমি কংগ্ৰেছ আৰু এআইইউডিএফক সমৰ্থন নকৰো । উজনি অসমৰ প্ৰায়বোৰ সমষ্টিতে আমাৰ প্ৰাৰ্থী থাকিব । মই সংগঠনৰ বিষয়বাবতে থাকিম । প্ৰত্যক্ষ ৰাজনীতিত যোগ নিদিও । ", শৃংখল চলিহাই আৰু কয় ।
বিধান সভা নিৰ্বাচনলৈ আৰু প্ৰায় সাত মাহ বাকী আছে । নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি কৰা আন্দোলন তথা ইয়াৰ পাছৰ ঘটনা-পৰিঘটনাসমূহ সাধাৰণ লোকসকলে দেখিলে । নতুনকৈ জন্ম লাভ কৰা এই দলসমূহক অসমৰ গৰিষ্ঠ সংখ্যক ৰাইজে কেনেদৰে গ্ৰহণ কৰে সেয়া নিৰ্বাচনৰ সময়তহে প্ৰকাশ পাব । অৱশ্যে তেতিয়ালৈ হয়তো অসমৰ ৰাজনৈতিক সমীকৰণত বহু সালসলনি ঘটিব ।
First published:

শেহতীয়া বাতৰি