உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • এইবাৰ মুখ্যমন্ত্ৰীৰ কাষত নিৰ্বাচনী অংক লৈ টাইপা! ছচিয়েল মিডিয়াত ককৰ্থনাক লৈ কি ক’লে দিল্লীত উলংগ প্ৰতিবাদ কৰা টাইপা নেতাই?

    এইবাৰ মুখ্যমন্ত্ৰীৰ কাষত নিৰ্বাচনী অংক লৈ টাইপা! ছচিয়েল মিডিয়াত ককৰ্থনাক লৈ কি ক’লে দিল্লীত উলংগ প্ৰতিবাদ কৰা টাইপা নেতাই?

    চৰ্চিত হৈ পৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে স্বয়ং সংগঠনটোৰেই কেন্দ্ৰীয় মুখপাত্ৰ তথা কা' আন্দোলনত দিল্লীৰ সংসদমাৰ্গত উলংগ প্ৰতিবাদকাৰী নৱদ্বীপ বৰুৱাই ৷

    চৰ্চিত হৈ পৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে স্বয়ং সংগঠনটোৰেই কেন্দ্ৰীয় মুখপাত্ৰ তথা কা' আন্দোলনত দিল্লীৰ সংসদমাৰ্গত উলংগ প্ৰতিবাদকাৰী নৱদ্বীপ বৰুৱাই ৷

    চৰ্চিত হৈ পৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে স্বয়ং সংগঠনটোৰেই কেন্দ্ৰীয় মুখপাত্ৰ তথা কা' আন্দোলনত দিল্লীৰ সংসদমাৰ্গত উলংগ প্ৰতিবাদকাৰী নৱদ্বীপ বৰুৱাই ৷

    • Share this:
    আগন্তুক বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দেশৰ লকডাউনৰ মাজতে কুচকাৱাজ আৰম্ভ কৰিছে বিভিন্ন ৰাজনৈতিক দলে৷ সকলো জাতীয় জনগোষ্ঠীয় সংগঠনো আগবাঢ়িছে নিৰ্বাচনৰ বাবে৷ বিগত সময়ত চৰকাৰৰ বিৰুদ্ধে কা আন্দোলনত জপিয়াই পৰা টাই আহোম যুৱ পৰিষদে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছতে সমালোচনাৰ সন্মুখীন হৈছে৷ 

    মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছতে এতিয়া মূখ খুলিছে টাইপা কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ তথা কা' আন্দোলনৰ সময়ত দিল্লীত উলংগ প্ৰতিবাদ কৰি কা বিৰোধীতা কৰা নৱদ্বীপ বৰুৱাই ৷

    টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপা ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিলীপ গগৈ আৰু যুটীয়া সম্পাদকদ্বয় দিগন্ত তামুলী আৰু দ্বীপজ্যোতি দুৱৰা সহ এটা সঁজাতি দলে শনিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক সাক্ষাৎ কৰি বহু কেইটা দাবী সম্বলিত এক স্মাৰকপত্ৰ প্ৰদান কৰে ৷ 

    আহোম সকলৰ বিভিন্ন সমস্যা ৰাজি সমাধান কৰাৰ লগতে স্মাৰকপত্ৰৰ ৬ নং দফাত আগন্তুক বিধানসভাৰ নিৰ্বাচনত টাই আহোম জনগোষ্ঠীৰ ন্যূনতম পোন্ধৰ গৰাকী যোগ্য প্ৰাৰ্থীক বিজেপি দলৰ হৈ টিকট প্ৰদানৰ দাবী জনোৱাৰ কাৰ্য্যক ৰাজ্যজুৰি ছচিয়েল মিডিয়াত চৰ্চিত হৈ পৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে স্বয়ং সংগঠনটোৰেই কেন্দ্ৰীয় মুখপাত্ৰ তথা কা' আন্দোলনত দিল্লীৰ সংসদমাৰ্গত উলংগ প্ৰতিবাদকাৰী নৱদ্বীপ বৰুৱাই ৷

    বৰুৱাই কয় একাংশ কেন্দ্ৰীয় নেতৃত্বৰ বাদে সকলো টাইপা কেন্দ্ৰীয় বিষয়ববীয়াই এই সম্পৰ্কত আগতীয়াকৈ অৱগত নহয় বুলি জানিবলৈ দিয়ে লগতে উক্ত কাৰ্য্যক সম্পূৰ্ণ অন্ধকাৰত ৰাখি নিজ খেয়াল খুচি মতে একাংশ কেন্দ্ৰীয় পৰ্যায়ৰ নেতাই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ কথা উল্লেখ কৰে ৷

    অসমীয়া জাতিৰ স্বাৰ্থ বিঘ্নিত হ’ব পৰা কোনো কামৰ লগত টাইপা চামিল নহয় ৷ চৰকাৰৰ বিৰুদ্ধে আগন্তুক দিনত মাত মাতি যোৱাৰ লগতে কা'ৰ দৰে জাতি ধ্বংসী আইনৰ বিৰুদ্ধে পূৰ্বৰ স্থিতিতেই অটল থাকিব বুলি জানিবলৈ দিয়ে নৱদ্বীপ বৰুৱাই ৷ টাইপাৰ একাংশ নেতাই  মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ সন্দৰ্ভত অতি শীঘ্ৰেই কাৰ্য্যনিবাহক সভা অনুস্থিত কৰি সিদ্ধান্ত গ্ৰহণ কৰিব বুলি অৱগত কৰে ৷
    First published: