'বৰাক উপত্যকাত বঙালী ভাষা চলিব লাগিব।'- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৰাক উপত্যকাত বাঙালী বিৰোধী কাম কৰিছে বুলি দেওবাৰে মন্তব্য আগবঢ়াইছিল কংগ্ৰেছী নেতা তথা উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই।
প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীৰ তেনে মন্তব্যক সোমবাৰে উভতি ধৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকাই। কমলাক্ষ দে পুৰকায়স্থক কটাক্ষ কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে, 'কংগ্ৰেছত এতিয়া অসমীয়াক অপমান কৰাৰ প্ৰতিযোগিতা চলিছে।'
সম্প্ৰতি ৰাজ্যত অধিক চৰ্চিত বিষয়টো হ'ল অসমীয়া ভাষা বনাম বঙালী ভাষা। বৰাকত অসমীয়া ভাষা নিষিদ্ধ কৰাৰ হুংকাৰ। এনেদৰেই দুয়োটা ভাষাকলৈ বাক যুদ্ধ অব্যাহত আছে বিভিন্ন দলৰ নেতা কৰ্মীৰ মাজত। এই বিতৰ্কৰ আঁৰৰ মূল ব্যক্তিগৰাকী হ'ল প্ৰদীপ দত্ত ৰয় নামৰ এগৰাকী স্বয়ম্ভু নেতা। প্ৰদীপ দত্ত ৰয়ক অসম আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰৰ পিছতে বাকযুক্তত লিপ্ত হৈছে কমলাক্ষ দে পুৰকায়স্থ আৰু পীয়ুষ হাজৰিকা।
"বৰাকত বঙালী ভাষা চলিব লাগিব, মুখ্যমন্ত্ৰীয়ে বৰাক আৰু বঙালী বিৰোধী কাম কৰিছে।" দেওবাৰে সংবাদ মাধ্যমত এই মন্তব্য আগবঢ়াইছিল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কমলাক্ষ দে পুৰকায়স্থই। তাৰ এদিন পিছতেই সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্য্যকৰী সভাপতি কমলাক্ষ দে পুৰকায়স্থক উভতি ধৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই।
কমলাক্ষ দে পুৰকায়স্থক কটাক্ষ কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে, 'কংগ্ৰেছত অসমীয়াক অপমান কৰাৰ প্ৰতিদিনে প্ৰতিযোগিতা চলিছে। বৰাক উপত্যকাত অসমীয়া নচলে নেকি বুলি কমলাক্ষ দে পুৰকায়স্থক প্ৰশ্ন কৰে পীয়ুষ হাজৰিকাই। অসমত অসমীয়া ভাষাৰ অপমান সহ্য কৰা নহ'ব বুলিও কয় মন্ত্ৰী হাজৰিকাই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|