• Home
  • »
  • News
  • »
  • assam
  • »
  • 'প্ৰদীপ দত্ত ৰয়ৰ কথাই বৰাকৰ কথা নহয়, বাঙালীসকলেও অসমীয়াতে কথা পাতে'- বিতৰ্কিত প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

'প্ৰদীপ দত্ত ৰয়ৰ কথাই বৰাকৰ কথা নহয়, বাঙালীসকলেও অসমীয়াতে কথা পাতে'- বিতৰ্কিত প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

 প্ৰদীপ দত্ত ৰয়ৰ অসমীয়া বিদ্বেষী মন্তব্যৰ ফলত এতিয়া জাঙুৰ খাই উঠিছে ৰাজ্যৰ জাতীয়তাবাদী দল-সংগঠন।

প্ৰদীপ দত্ত ৰয়ৰ অসমীয়া বিদ্বেষী মন্তব্যৰ ফলত এতিয়া জাঙুৰ খাই উঠিছে ৰাজ্যৰ জাতীয়তাবাদী দল-সংগঠন।

প্ৰদীপ দত্ত ৰয়ৰ অসমীয়া বিদ্বেষী মন্তব্যৰ ফলত এতিয়া জাঙুৰ খাই উঠিছে ৰাজ্যৰ জাতীয়তাবাদী দল-সংগঠন।

  • Share this:
অসমীয়া ভাষাৰ ফলকত ক’লা ৰং সানি অসমীয়াক চূড়ান্ত অপমান কৰাৰ পিছত বৰাকত পুনৰ অসমীয়া ভাষাৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ! শিলচৰৰ পৰা অসমীয়া ভাষাৰ বিজ্ঞাপনৰ ফলত আঁতৰাবলৈ চৰকাৰক ২৪ ঘণ্টাৰ সময় দিলে বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্ট নামৰ সংগঠনটোৱে।

সংগঠনটোৰ নেতা প্ৰদীপ দত্ত ৰয়ৰ অসমীয়া বিদ্বেষী মন্তব্যৰ ফলত এতিয়া জাঙুৰ খাই উঠিছে ৰাজ্যৰ জাতীয়তাবাদী দল-সংগঠন। বিষয়টোৰ সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। মন্ত্ৰীগৰাকীয়ে কয় যে, 'প্ৰদীপ দত্ত ৰয়ৰ কথাই বৰাকৰ কথা নহয়। সমগ্ৰ বৰাকে অসমীয়া ভাষাৰ বিৰোধ নকৰে। বাঙালী সকলেও অসমীয়াত কথা পাতে।মই ভালকৈ ক'ব নোৱাৰিলেও সদায় ক'বলৈ চেষ্টা কৰো। ভাষা শিকাতো অপকাৰ নহয় বৰঞ্চ লাভজনক। যিসকলে বৰাকত অসমীয়া নচলিব বুলি কৈছে তেওঁলোকে বাঙালীৰ বাবে কিমান কিতাপ লিখিছে?' লগতে মন্ত্ৰীগৰাকীয়ে এনে সম্প্ৰীতি বিনষ্টকাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈও দাবী জনালে।

উল্লেখযোগ্য যে শিলচৰ ৰে’ল ষ্টেচনৰ পিছত এইবাৰ কোভিডৰ ভেকচিন সম্পৰ্কীয় এখন অসমীয়া ভাষাত লিখা বিজ্ঞাপনৰ হডিং শিলচৰ মেহেৰপুৰ অঞ্চলত লগোৱা হৈছিল। তাক লৈ বিৰোধিতা কৰে বৰাক ডেমক্ৰেটিক ফ্ৰণ্টৰ মুৰব্বী প্ৰদীপ দত্ত ৰয়ে। ২৪ ঘণ্টাৰ ভিতৰত অসমীয়া ভাষাত লিখা চৰকাৰী বিজ্ঞাপন আঁতৰাই দিয়াৰ বাবে সময়সীমা বান্ধি দিয়ে প্ৰদীপ দত্ত ৰয়ে।

প্ৰদীপ দত্ত ৰয়ে কয়, ‘‘আমি অসমত বাস কৰো, অসমীয়া ভাষাতো থাকক, কিন্তু বৰাকৰ স্থানীয় ভাষা যিহেতু বাংলা, গতিকে তাত বাংলা ভাষাও থাকিব লাগে। বৰাকৰ বহু মানুহে অসমীয়া ভাষা বুজি নাপায়। দুয়োটা ভাষা থাকিলে আমাৰ কোনো আপত্তি নাই। বৰাক ভেলীত অসমীয়া ভাষা থাকিব, কিন্তু স্থানীয় ভাষা হিচাপে বাংলাও থাকিব লাগে।’’

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Himangshu Bhuyan
First published: