চিন্ময় দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি বৰপেটা মেডিকেল কলেজ হাস্পতালৰ ব্লাড বেংকৰ কৰ্মচাৰী ছফিউল হুছেইন আৰু দালাল আৰমান খানক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷
চিন্ময় দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি বৰপেটা মেডিকেল কলেজ হাস্পতালৰ ব্লাড বেংকৰ কৰ্মচাৰী ছফিউল হুছেইন আৰু দালাল আৰমান খানক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷
বৰপেটা মেডিকেল কলেজ হাস্পতালৰ মানৱ ৰক্তৰ অবৈধ ব্যৱসায়ৰ ঘটনাক লৈ অব্যাহত আছে আৰক্ষীৰ তদন্ত৷ মানৱ ৰক্তৰ ব্যৱসায়ত জড়িত বৰপেটা মেডিকেল কলেজ হাস্পতালৰ ব্লাড বেংকৰ কৰ্মচাৰী ছফিউল হুছেইনক গ্ৰেপ্তাৰ৷ ছফিউল হুছেইনৰ ঘৰ বৰপেটাৰ ধকুৱাত৷ ছফিউল হুছেইনৰ সৈতে আৰমান খান নামৰ আন এজন দালালকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ ধৃত আৰমান খানৰ ঘৰ ভেৰা গাঁৱত৷
দেওবাৰে চিন্ময় দাস ওৰফে লেং নামৰ দালালজনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে৷ চিন্ময় দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি বৰপেটা মেডিকেল কলেজ হাস্পতালৰ ব্লাড বেংকৰ কৰ্মচাৰী ছফিউল হুছেইন আৰু দালাল আৰমান খানক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷
বৰপেটা মেডিকেল কলেজ হাস্পতালৰ ব্লাড বেংকৰ একাংশ কৰ্মচাৰীৰ ছত্ৰছায়াতে বৰপেটাত চলি আছিল মানৱ ৰক্তৰ অবৈধ ব্যৱসায়৷ একেটা মাহতে বাৰম্বাৰ তেজ বিক্ৰী কৰাৰ ফলত বৰপেটা চহৰৰ ঘোঁৰামাৰাহাটীৰ সত্যজিৎ দাস নামৰ যুৱক এজনৰ মৃত্যুৰ পিছতেই ৰক্তৰ এই অবৈধ ব্যৱসায়ৰ ঘটনা পোহৰলৈ আহে৷
তাৰ পিছতেই বৰপেটা চহৰৰ ঘোঁৰামাৰাহাটীৰ একাংশ লোক আৰু বৰপেটা মেডিকেল কলেজ হাস্পতালৰ অধীক্ষক ডাঃ ববীজিৎ গোস্বামীয়ে এই সম্পৰ্কে ৰুজু কৰিছিল এক গোচৰ৷ এই গোচৰৰ ভিত্তিতে বৰপেটা আৰক্ষীয়ে তদন্ত চলাই বৰপেটা মেডিকেল কলেজ হাস্পতালৰ ব্লাড বেংকৰ কৰ্মচাৰী ছফিউল হুছেইন আৰু দালাল চিন্ময় দাস আৰু আৰমান খানক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|