
শীঘ্ৰেই বটদ্ৰৱাৰ বিভিন্ন স্থানত প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাৰ সম্ভাৱনা আছে।
শীঘ্ৰেই বটদ্ৰৱাৰ বিভিন্ন স্থানত প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাৰ সম্ভাৱনা আছে।
বটদ্ৰৱা কাণ্ডত জড়িত আন দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে। বুধবাৰে নিশা নগাঁও আৰক্ষীয়ে চালনাবড়ী আৰু হাইডুবিত অভিযান চলাই ওমৰ ফাৰুক আৰু জহিৰুল ইছলামক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ হাতত থকা ভিডিঅ' ফুটেজৰ ভিত্তিত দুয়োকে ইতিমধ্যে বটদ্ৰৱা আৰক্ষীয়ে চিনাক্ত কৰিছে। যোৱা ২১ মে’ত বটদ্ৰৱা থানা আক্ৰমণৰ ঘটনাত দুয়ো জড়িত আছিল।
আনহাতে, শীঘ্ৰেই বটদ্ৰৱাৰ বিভিন্ন স্থানত প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাৰ সম্ভাৱনা আছে। বটদ্ৰৱাৰ বহু স্থানত চৰকাৰী ভূমি বেদখল হোৱাৰ তথ্য নগাঁও জিলা প্ৰশাসনৰ হাতত আছিল যদিও বিগত সময়ছোৱাত জিলা প্ৰশাসনে এই ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নাছিল। পিছে বটদ্ৰৱা আৰক্ষী থানাত হোৱা আক্ৰমণৰ পিছতে তৎপৰ হৈ পৰিছে নগাঁও জিলা প্ৰশাসন। শীঘ্ৰেই বটদ্ৰৱাৰ হাইডুবিকে ধৰি বিভিন্ন স্থানত জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাটো প্ৰায় নিশ্চিত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|