আকৌ এখন ‘টোল গেট’ত ধন দিবলৈ সাজু হওক আপুনি। ৰাজ্যবাসীক পুনৰ মাধমাৰ শোধাবলৈ সাজু NHIDCL। কলিয়াবৰৰ চুলুঙত তীব্ৰগতিত নিৰ্মাণ হৈ আছে আৰু এখন টোলগেট।
কলিয়াভোমোৰাৰ দ্বিতীয়খন দলঙৰ নামত ধন সংগ্ৰহ কৰিবলৈ কলিয়াবৰৰ চুলুঙত টোলগেট নিৰ্মাণৰ কাম প্ৰায় ৯০ শতাংশ সম্পূৰ্ণ কৰিছে NHIDCL-এ।
নগাওঁ জিলাৰ কলিয়াবৰ হৈ তেজপুৰ দিশে যাত্ৰা কৰা বাহন আৰু তেজপুৰ পৰা কলিয়াবৰ হৈ ৰাজ্যৰ অন্য প্ৰান্তলৈ যাত্ৰা কৰা বাহনৰ গৰাকী সাজু হওক অধিক ধন ভৰিবলৈ। সমাগত নৱবৰ্ষতে অসমবাসীক এই নতুন টোলগেটখন উপহাৰ দিবলৈ সাজু হৈছে চৰকাৰ।
যাৰ বাবে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে উঠিছে সৰ্বসাধাৰণ ৰাইজ তথা দল–সংগঠনৰ মাজত। চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|