ৰাজ্য কঁপোৱা ডবকা বলাৎকাৰ কাণ্ডৰ আৰু এটা নৰপিশাচ জালত

হোজাইৰ ৰে’লৱে ষ্টেচনৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰে লম্পটটোক। পূৰ্বে ৪ বলাত্‍কাৰীক গ্ৰেপ্তাৰ কৰিছে ডবকা আৰক্ষীয়ে।

news18assam
Updated:May 2, 2019, 6:26 PM IST
ৰাজ্য কঁপোৱা ডবকা বলাৎকাৰ কাণ্ডৰ আৰু এটা নৰপিশাচ জালত
ডবকাৰ দলবদ্ধ বলাত্‍কাৰৰ আন এটা অভিযুক্তক গ্ৰেপ্তাৰ
news18assam
Updated: May 2, 2019, 6:26 PM IST
আব্দুল হাকিমঃ  ডবকাৰ দলবদ্ধ বলাত্‍কাৰৰ আন এটা অভিযুক্তক গ্ৰেপ্তাৰ। ডবকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আব্দুল মতিনক। হোজাইৰ ৰে’লৱে ষ্টেচনৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰে লম্পটটোক। পূৰ্বে ৪ বলাত্‍কাৰীক গ্ৰেপ্তাৰ কৰিছে ডবকা আৰক্ষীয়ে। ৫ নৰপিশাচে ২৪ এপ্ৰিলত বলাত্‍কাৰ কৰিছিল এগৰাকী যুৱতীক। ডবকাৰ দীঘলজাৰুনী গাঁৱত সংঘটিত হৈছিল এই ঘটনা। ৰাজ্য কঁপোৱা হোজাই ডবকাৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ পঞ্চমটো ধৰ্ষণকাৰীক ডবকা আৰক্ষীয়ে যোৱানিশা গ্ৰেপ্তাৰ কৰে ৷ যোৱানিশা এক গোপন তথ্যৰ ভিত্তিত ডবকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিলোৎপল ভূঞাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে হোজাই ৰেলগেটৰ সমীপত অভিযান চলাই ধৰ্ষনকাৰীটোক গ্ৰেপ্তাৰ কৰে ৷ দুদিন পূৰ্বে অসম নাগালেণ্ড সীমান্তত থকা ধনশিৰিৰ পৰা আলিম উদ্দিন ওৰফে আব্দুল আলিম নামৰ মুল অভিযুক্ত জনক গ্ৰেপ্তাৰ কৰিছিল ৷

উল্লেখ্য যে হোজাই জিলাৰ ডবকাৰ দীঘলজাৰুনী গাঁৱত যোৱা ২৩ মাৰ্চত গোলাপ হুছেইন, দিলুৱাৰ হুছেইন, শ্বহিদ আহমেদ, আব্দুল আলিম আৰু আব্দুল মতিন নামৰ পাঁচ নৰপিশাচে এগৰাকী যুৱতিক দলৱদ্ধ ধৰ্ষণ কৰিছিল ৷ ইমানতে ক্ষান্ত নাথাকি নৰপিশাচকেইটাই মোৱাইল ফোনত 7/8টাকৈ ৰেকৰ্ডিং কৰি সেই ভিডিঅ’ ছচিয়েল মিডিয়াত এৰি দিছিল ৷ ভিডিঅ’টো  ভাইৰেল হৈ পৰাত যোৱা 24 এপ্ৰিলত আৰক্ষীৰ কাষ পাইগৈ পৰিয়াল৷ যুৱতী গৰাকীৰ এজাহাৰৰ ভিত্তিত ডবকা আৰক্ষীয়ে ১১৭/১৯ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি সেইদিনাই গোলাপ হুছেইন, দিলোৱাৰ হুছেইন, শ্বহীদ আহমেদক গ্ৰেপ্তাৰ কৰে ৷ ইয়াৰ পাছত ধৃত অভিযুক্ত কেইটাক ডবকা আৰক্ষীয়ে জেৰা কৰাৰ সময়ত স্থানীয় দণ্ডাধীশৰ আগত নৰপিশাচ কেইটাই নিজৰ দোষ স্বীকাৰ কৰিছিল৷ পাঁচ নম্বৰ অভিযুক্ত আব্দুল মতিনক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷
আৰু চাওক পৰৱৰ্তী বাতৰি