
যোৱা ২১ নৱেম্বৰৰ পৰা ৬ মাহৰ বাবে বহিষ্কৃত হৈ আছে অস্থি বিভাগৰ ছাত্ৰ ক্ৰমে ডাঃ চয়ন মূখাৰ্জী আৰু ডাঃ ছাকেট ছৰফ।
যোৱা ২১ নৱেম্বৰৰ পৰা ৬ মাহৰ বাবে বহিষ্কৃত হৈ আছে অস্থি বিভাগৰ ছাত্ৰ ক্ৰমে ডাঃ চয়ন মূখাৰ্জী আৰু ডাঃ ছাকেট ছৰফ।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত ভয়ংকৰ ৰেগিঙৰ চাঞ্চল্যৰ মাৰ নৌযাওঁতেই পোহৰলৈ আহিছে আন এক ৰেগিং কাণ্ড। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত দুজন পিজি চিকিৎসক ছাত্ৰ ৰেগিঙৰ বাবে বহিষ্কাৰ হ’বলগীয়া হৈছে। যোৱা ২১ নৱেম্বৰৰ পৰা ৬ মাহৰ বাবে বহিষ্কৃত হৈ আছে অস্থি বিভাগৰ ছাত্ৰ ক্ৰমে ডাঃ চয়ন মূখাৰ্জী আৰু ডাঃ ছাকেট ছৰফ।
হোষ্টেলৰ পৰাও বহিষ্কাৰ কৰা হৈছে ছাত্ৰ দুজনক। এজন নৱাগত ছাত্ৰৰ ককায়েকে ই–মেইলযোগে তেওঁৰ ভাতৃক ৰেগিং কৰা বুলি মহাবিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰিছিল। নিশা জ্যেষ্ঠ ছাত্ৰ দুজনে নৱাগত ছাত্ৰজনক মাজনিশালৈ ডিপাৰ্টমেণ্টত কামত লগাইছিল। এই অভিযোগৰ পিছতে অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই দুই জ্যেষ্ঠ চিকিৎসক ছাত্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|