আৰু এটা ৰাজনৈতিক দলৰ জন্ম, ১২টাকৈ হিন্দু বাঙালী সংগঠনৰ নেতৃত্বত গঠন হ’ল ভাৰতীয় গণ পৰিষদ (BGP)

News18 Assam | News18-Assam
Updated:October 11, 2020, 5:37 PM IST
আৰু এটা ৰাজনৈতিক দলৰ জন্ম, ১২টাকৈ হিন্দু বাঙালী সংগঠনৰ নেতৃত্বত গঠন হ’ল ভাৰতীয় গণ পৰিষদ (BGP)
হিন্দু বাঙালীৰ নতুন ৰাজনৈতিক দলে আগন্তক ২১ৰ নিৰ্বাচনত মিছন ২০ লক্ষ্যৰে ৫২খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিলে নতুন দলটোৰ সভাপতি শ্যামল সৰকাৰে৷

হিন্দু বাঙালীৰ নতুন ৰাজনৈতিক দলে আগন্তক ২১ৰ নিৰ্বাচনত মিছন ২০ লক্ষ্যৰে ৫২খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিলে নতুন দলটোৰ সভাপতি শ্যামল সৰকাৰে৷

  • Share this:
ৰাজ্যত এইবাৰ হিন্দু বাঙালী সংগঠনৰ ঔৰসত ভূমিষ্ঠ হ’ল নতুন ৰাজনৈতিক দল৷ ঢেকিয়াজুলিৰ শ্বহীদ ময়দানত ৰাজ্যৰ ১২টাকৈ হিন্দু বাঙালী সংগঠনৰ জাতীয় অভিৱৰ্তনত আনুষ্ঠানিকভাৱে ঘোষণা হ’ল হিন্দু বাঙালীৰ নতুন ৰাজনৈতিক দলৰ নাম৷ ভাৰতীয় গণ পৰিষদ(BGP) নামেৰে গঠন হ’ল নতুন ৰাজনৈতিক দল৷ বৰাক- ব্ৰহ্মপুত্ৰ উপত্যকাক লৈ ১২টা হিন্দু বাঙালী সংগঠনে জন্ম দিলে ভাৰতীয় গণ পৰিষদৰ৷

বিজেপি-কংগ্ৰেছৰ বিৰুদ্ধে শোষণ–বঞ্চনাৰ অভিযোগ তুলি অৱশেষত হিন্দু বাঙালীসকলে সু-সংগঠিত হৈ ২১ত ৰাজনৈতিক যুঁজত অৱতীৰ্ণ হ’বলৈ কঁকালত টঙালি বান্ধিলে৷ নতুনকৈ গঠন হোৱা ভাৰতীয় গণ পৰিষদ(BGP) দলৰ সভাপতি নিৰ্বাচিত হ’ল সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ মুখ্য উপদেষ্টা শ্যামল সৰকাৰ৷

হিন্দু বাঙালীৰ নতুন ৰাজনৈতিক দলে আগন্তক ২১ৰ নিৰ্বাচনত মিছন ২০ লক্ষ্যৰে ৫২খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিলে নতুন দলটোৰ সভাপতি শ্যামল সৰকাৰে৷ হিন্দু বাঙালীসহ নিষ্পেষিত জাতিৰ সুৰক্ষা স্বাৰ্থত নতুন ৰাজনৈতিক দল BGPয়ে ৰাষ্ট্ৰীয় দলৰ সৈতে শীঘ্ৰে মিত্ৰতা কৰিব বুলি ঘোষণা কৰিলে দল গঠন হোৱা দিনাই৷

নতুন দলটোৰ সভাপতি শ্যামল সৰকাৰে বিজেপিৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ কয় যে BGP দলে এইবাৰ দিছপুৰত যাব৷ হিন্দুৰ নামত ৰাজনীতি কৰা বিজেপিয়ে হিন্দুৰ কোনো সমস্যাই সমাধান নকৰিলে৷ হিন্দু বাঙালীৰ নতুন দলে বিজেপি কংগ্ৰেছ সকলো দলকে ক্ষতি কৰিব৷

ইপিনে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ ৰাজ্যিক সভাপতি দীপক দেই নতুন দল গঠন সন্দৰ্ভত মন্তব্য কৰে যে হিন্দু বাঙালীৰ কণ্ঠ হিচাপে পৰিগণিত হ’ব BGPদল৷ ইপিনে বিজেপিক মেকিং হিন্দুৰ দল বুলি আখ্যা দি কয় যে হিন্দুৰ নামত ৰাজনীতি কৰা বিজেপিয়ে অসমীয়া-বাঙালীৰ মাজত সংঘাত আনিলে৷ ভাৰতীয় গণ পৰিষদ দলে হিন্দু বাঙালীৰ জাতীয় সমস্যা সামাধন কৰিব বুলি আশা প্ৰকাশ কৰে৷
Published by: Sanjay Kumar Das
First published: October 11, 2020, 5:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি