যোৱা 8 ছেপ্টেম্বৰৰ বিয়লি যোৰহাটৰ নিমাতীঘাটৰ সমীপত সংঘটিত ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ পিছতে নিশালৈ আন এক দুৰ্ঘটনাৰ পৰা কেইগৰাকীমান চৰকাৰী বিষয়া-কৰ্মচাৰীৰ কথমপি প্ৰাণ ৰক্ষা পৰাৰ তথ্য পোহৰলৈ আহিছে। নিজৰ জীৱনৰ কথা চিন্তা নকৰি একাংশ লোক ব্যস্ত হৈ পৰিছিল উদ্ধাৰ অভিযানত। আৰু এই দুঃসাহসিক উদ্ধাৰ অভিযানত ব্যস্ত থকাৰ সময়তে দুপৰ নিশা ভৰা ব্ৰহ্মপুত্ৰৰ মাজত সংঘটিত হৈছিল আন এক ঘটনা, যাৰ বৰ্ণনা শুনিলে আপুনি সচকিত হৈ পৰিব।
নিমাতীঘাটৰ সমীপত সংঘটিত দুৰ্ঘটনাটোত ব্ৰহ্মপুত্ৰত ডুব যোৱাৰ পিছত সোঁতত উটি যোৱা নাওখনত কোনো লোক আবদ্ধ হৈ আছে নেকি সেই কথাই উদ্বিগ্ন কৰি তুলিছিল বহুতকে। আৰু সেইবাবেই ভৰা ব্ৰহ্মপুত্ৰৰ মাজত দুপৰ নিশালৈকে চলিছিল এক দুঃসাহসিক উদ্ধাৰ অভিযান।
ঘাটৰ পৰা প্ৰায় তিনি কিলোমিটাৰ নিলগত ব্ৰহ্মপুত্ৰৰ মাজত ডুবি থকা অৱস্থাত উদ্ধাৰ হোৱা নাওখন বালিয়ে পুতি পেলোৱাৰ পূৰ্বেই চলিছিল এই অভিযান। কাৰণ নিশাৰ ভিতৰত নাওখন বালিয়ে পুতি পেলালে তাত উদ্ধাৰ অভিযান চলোৱাত বহু সমস্যাৰ সৃষ্টি হ’লহেঁতেন। সেয়েহে যোৰহাট জিলা প্ৰশাসনৰ বিষয়াৰ উপস্থিতিত এনডিআৰএফ আৰু এছডিআৰএফৰ এটা বৃহৎ দলে ব্ৰহ্মপুত্ৰৰ মাজত নিশা প্ৰায় ১ বজালৈকে উক্ত নাওখন কাটি ফুটা কৰি তাৰ ভিতৰত ডুবাৰুৰ দ্বাৰা অভিযান চলাই কোনো লোক আবদ্ধ হৈ আছে নেকি তাৰ সন্ধান কৰিছিল।
এই অভিযান সামৰি উভতি অহাৰ পথত এখন স্পীডবোটৰ মেচিনত বিসংগতিয়ে দেখা দিয়াত নিশা প্ৰায় ২ বজাত ব্ৰহ্মপুত্ৰৰ মাজত এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈছিল এটা দল। কাৰণ ব্ৰহ্মপুত্ৰৰ মাজত দুপৰ নিশা সোঁতে উটুৱাই লৈ গৈছিল ৰবৰৰ উদ্ধাৰকাৰী স্পীডবোটখন। সেই ৰবৰৰ বোটখনত আছিল যোৰহাটৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন আৰু চাৰিগৰাকী এছডিআৰএফৰ সাহসী কৰ্মচাৰী। দুপৰ নিশা ব্ৰহ্মপুত্ৰৰ মাজত প্ৰায় ৪৫ মিনিটজোৰা স্বাসৰুদ্ধকৰ পৰিস্থিতিৰ পিছত নিমাতীঘাটৰ পৰা যোৱা এখন নাৱৰ দ্বাৰা দলটোক উদ্ধাৰ কৰা হয়।
"সেই সময়ত নিশা প্ৰায় ডেৰ বাজিছিল। ঘাটৰ পৰা ২–৩ কিলোমিটাৰ নিলগত ব্ৰহ্মপুত্ৰৰ মাজত আমি কুঁৱলীৰ বাবে দিকবিদিক হেৰুৱাই পেলাইছিলো। আমাৰ বোটখনৰ ইঞ্জিনটোত বিসংগতিয়ে দেখা দিয়াত ব্ৰহ্মপুত্ৰৰ সোঁতে আমাক উটুৱাই নিব খুজিছিল। অৱশেষত আমি খবৰ দিবলৈ সক্ষম হওঁ আৰু ঘাটৰ পৰা অহা আন এখন নাৱে আমাক উদ্ধাৰ কৰে। এয়া আমাৰ বাবে এক ভয়ানক অভিজ্ঞতা আছিল। আমাৰ এছডিআৰএফ আৰু এনডিআৰএফৰ বিষয়া কৰ্মচাৰীসকল অতি সাহসী ।", অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনে এনেদৰে কয়।
আৰু এনদৰেই আন এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে দলটো। অতি বিপদশংকুল পৰিস্থিতিৰ মাজতো কৰ্তব্যৰ তাগিদাত এই নাও দুৰ্ঘটনাৰ পিছত উদ্ধাৰ অভিযান চলাই গৈছিল যোৰহাট জিলা প্ৰশাসনৰ সহযোগত এনডিআৰএফ আৰু এছডিআৰএফৰ বিষয়া-কৰ্মচাৰীসকলে। এইসকল বিষয়া-কৰ্মচাৰীৰ সাহস আৰু কৰ্তব্যনিষ্ঠাৰ আমি শলাগ ল’বই লাগিব।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 13, 2021, 10:02 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।