ডিটেনশ্যন কেম্পৰ আন এজন বন্দীৰ মৃত্যু, GMCHত শেষ নিশ্বাস ত্যাগ দুৰ্ভগীয়া নৰেশ কোঁচৰ

News18 Assam | News18-Assam
Updated:January 4, 2020, 12:55 PM IST
ডিটেনশ্যন কেম্পৰ আন এজন বন্দীৰ মৃত্যু, GMCHত শেষ নিশ্বাস ত্যাগ দুৰ্ভগীয়া নৰেশ কোঁচৰ
ফাইল ফটোঃগোৱালপাৰাত নিৰ্মীয়মান বৃহৎ ডিটেনশ্যন কেম্প।

২০১৮চনৰ পৰা গোৱালপাৰা ডিটেনশ্যন কেম্পত বন্দী হৈ আছিল নৰেশ কোঁচ।

  • Share this:
নাগৰিকত্ব সংশোধনী আইনক লৈ অসম তথা দেশ তোলপাৰ হৈ থকাৰ সময়তে ডিটেনশ্যন কেম্পৰ আন এজন বন্দীয়ে মৃত্যুক সাৱটি লৈছে। ৫০বছৰ বয়সীয়া নৰেশ কোঁচ নামৰ লোকজনে শুকুৰবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যুক সাৱটি লয়। গুৰুতৰভাৱে অসুস্থ হৈ পৰা কোঁচক দহদিন পূৰ্বে জিএমচিএইচত ভৰ্তি কৰোৱা হৈছিল। অবৈধ বিদেশী চিনাক্ত হোৱাৰ পিছতে কোঁচক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছিল। নৰেশ কোঁচ ২০১৮চনৰ মাৰ্চ মাহৰ পৰা গোৱালপাৰা ডিটেনশ্যন কেম্পত বন্দী হৈ আছিল।

নৰেশ কোঁচৰ মৃত্যুৰ লগে লগে বিগত তিনিবছৰত ডিটেনশ্যন কেম্পৰ প্ৰাণ হেৰুৱা বন্দীৰ সংখ্যা ২৯জনলৈ বৃদ্ধি পালে।  তথ্য অনুসৰি এতিয়াও ৰাজ্যৰ ছটা ডিটেনশ্যন কেম্পত মুঠ ১০০০জন লোক বন্দী হৈ আছে।
Published by: Tulika Devi
First published: January 4, 2020, 12:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading