যেন শেষেই নহ'ব বড়োভূমিত অস্ত্ৰৰ ঝনঝননি! এটা সংগঠন আত্মসমৰ্পন বা এটা সংগঠনে যদি চৰকাৰৰ সৈতে চুক্তিত স্বাক্ষৰ কৰে; তাৰ পিছতেই জন্ম হয় বড়োভূমিত আন এটা সংগঠনৰ৷ তাৰেই আন এটা শেহতীয়া নাম হ'ল ULB৷
United Liberation For Boroland৷ চমুকৈ ULB৷ একতা, সংগ্ৰাম, সুৰক্ষা আৰু জীয়াই থকাৰ মন্ত্ৰৰে ULB নামৰ সশস্ত্ৰ বিদ্ৰোহী সংগঠনটো জন্ম দিয়াৰ কথা এক প্ৰেছ বিবৃত্তিৰ জৰিয়তে ঘোষণা কৰিছে৷
বড়ো জাতিৰ অৰ্থনীতি, ভাষা, সাহিত্য-সংস্কৃতি, শিক্ষা, ৰাজনৈতিক অধিকাৰ আদিৰ সুৰক্ষাৰ দাবীত গঠন কৰা ULBয়ে বড়োসকলৰ বাবে সুকীয়া ৰাজ্যৰ দাবী কৰিছে। অসমক ভাগ কৰি বড়ো ৰাজ্য গঠনৰ দাবীত ULBৰ সংগ্ৰাম বাহাল থাকিব বুলি প্ৰেছ বিবৃতিৰ জৰিয়তে ঘোষণা কৰিছে৷
উল্লেখযোগ্য যে বিগত ২০২০ চনৰ ২৭ জানুৱাৰীত NDFBৰ চাৰিটা গোটৰ সৈতে ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন শীৰ্ষক চুক্তিত স্বাক্ষৰ কৰিছিল৷ তাৰ পিছতেই NDFBৰ চাৰিওটা গোটে অস্ত্ৰ সম্বৰণ কৰি সংগঠন কেইটা ভংগ কৰা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল৷
ইতিমধ্যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ক্ষীপ্ৰতাৰে BTR চুক্তিৰ দফাসমূহ কাৰ্যকৰী কৰাৰ বাবে হাতে কামে লাগি আছে৷ এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিশেষ তৎপৰতা গ্ৰহণ কৰি আহিছে৷ কিন্ত BTR চুক্তি স্বাক্ষৰ কৰাৰ এবছৰৰ ভিতৰতে NLFB নামৰ আন এটা সশস্ত্ৰ সংগঠনৰ জন্ম হৈছিল৷ অৱশ্যে মুখ্যমন্ত্ৰীৰ তৎপৰতাত কিছুদিন পূৰ্বে NLFBয়েও মূলসূতিলৈ আহে৷ ইয়াৰ পিছতে শেহতীয়াকৈ ULB নামৰ সংগঠনটোৰ জন্মই আন এক দিশৰ সূচনা কৰিছে৷