• Home
  • »
  • News
  • »
  • assam
  • »
  • Guwahati Accident: অভিযুক্ত যুৱতীয়ে ২০১৭ত কৰা আন এটা দুৰ্ঘটনা, এতিয়া কিদৰে জীৱন কটাইছে দুৰ্ঘটনাৰ বলি যুৱকে...

Guwahati Accident: অভিযুক্ত যুৱতীয়ে ২০১৭ত কৰা আন এটা দুৰ্ঘটনা, এতিয়া কিদৰে জীৱন কটাইছে দুৰ্ঘটনাৰ বলি যুৱকে...

এগৰাকী প্ৰাক্তন বিধায়িকাৰ পুত্ৰক খুন্দিয়াই গুৰুতৰভাৱে আহত কৰিছিল তেওঁ।

এগৰাকী প্ৰাক্তন বিধায়িকাৰ পুত্ৰক খুন্দিয়াই গুৰুতৰভাৱে আহত কৰিছিল তেওঁ।

এগৰাকী প্ৰাক্তন বিধায়িকাৰ পুত্ৰক খুন্দিয়াই গুৰুতৰভাৱে আহত কৰিছিল তেওঁ।

  • Share this:

নিশা গুৱাহাটীত পথ দুৰ্ঘটনা সংঘটিত কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা ৰাজকন্যা বৰুৱাক লৈ ওলাই আছে এটাৰ পিছত আনটোকৈ তেওঁ কৰি অহা কাণ্ডৰ কথা। একাংশ আগশাৰীৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, পথ দুৰ্ঘটনাৰ বাবে অভিযুক্ত কৰা এই যুৱতীগৰাকীৰ ওপৰত আছে বহুকেইটা অভিযোগ, যাক সাধাৰণ ভাষাত উচ্ছৃংখলতা বুলিব পাৰি।


কিন্তু এনে উচ্ছৃংখলতাৰ ফল ভোগ কৰা এগৰাকী যুৱকৰ কাহিনীয়ে আপোনাকো ভবাই তুলিব। ই এক উচ্ছৃংখলতা নে সন্ত্ৰাস? সোণাৰী সমষ্টিৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ পুত্ৰৰ জীৱনলৈও অমানিশা নমাই আনিছিল যুৱতীগৰাকীৰে হোৱা দুৰ্ঘটনাই। এয়া আছিল ২০১৭ চনৰ কথা।


একাংশ সংবাদ মাধ্যমত যুৱকগৰাকীয়ে দিয়া ভাষ্য অনুসৰি, ছয়মাইলত বাইকেৰে আহি থকা অৱস্থাত বিধায়িকাগৰাকীৰ পুত্ৰক খুন্দিয়াই গুৰুতৰভাৱে আহত কৰিছিল তেওঁ, যাৰ ক্ষতচিহ্ন গল, বাঁওহাত আৰু ভৰিত বহলকৈ এতিয়াও লৈ ফুৰিছে এই যুৱকগৰাকীয়ে। শৰীৰৰ নাৰ্ভ ছিষ্টেম বিকল হৈ গৈছিল যুৱকগৰাকীৰ। দুমাহ ডাউন টাউনত থকাৰ পিছত দিল্লীলৈ গৈ অতি খৰচী চিকিৎসাৰ অন্তত কিছু আৰোগ্য হয় তেওঁ। কিন্তু আজিও তেওঁ ফিজিঅ' থেৰাপী লৈ থাকিবলগীয়া হয়।


এই সম্পৰ্কে দিছপুৰ থানাত গোচৰ ৰুজু হৈছিল যদিও সেই গোচৰৰ শেহতীয়া 'ৰূপৰেখা' কি সেয়া তেওঁ নাজানে। দুৰ্ঘটনাৰ বাবে যুৱকগৰাকী আজি চিৰজীৱনৰ বাবে ঘুণীয়া। কিন্তু ইয়াৰ পিছতো শিক্ষা লোৱা নাই এই যুৱতীগৰাকীয়ে। পুনৰ ১ অক্টোবৰত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ বাবে দুয়োখন ভৰি হেৰুৱাব লগা হ'ল আন এগৰাকী যুৱকে।

Published by:Gautam Barman
First published: