News18 AssamNews18 Assam
|
News18-Assam Updated:January 10, 2020, 1:22 AM IST
তিনিমাহ পূৰ্বেই নিউজ18-এ উদঙাইছিল এচিএৰ দায়িত্বজ্ঞানহীন কাণ্ড।
তিনিমাহ পূৰ্বেই নিউজ18-এ উদঙাইছিল এচিএৰ দায়িত্বজ্ঞানহীন কাণ্ড।
যেন ধংসৰ দিশে গতি কৰিছে নাও বুৰিলেও টিঙৰ পৰা ননমা একাংশ লোকে পৰিচালনা কৰা অসমৰ বিত্তশালী সংগঠন অসম ক্ৰিকেট সন্থা। বিগত ২০ বছৰ দুৰ্নীতিৰ ভৰত ডিঙিলৈকে পোত খাই থকা অসম ক্ৰিকেট সন্থাই শেহতীয়াকৈ চলিত বিজয় হাজাৰে ক্ৰিকেটৰ বাবে সাজু হৈছিল দুটা খৰ্গ থকা আফ্ৰিকান গঁড়ৰ ফটো সম্বলিত টি-চাৰ্টেৰে। সেই সময়তে নিউজ18-এ উদঙাইছিল এচিএৰ দায়িত্বজ্ঞানহীনতাৰ কথা। তাৰ পিছতো বিচলিত হোৱা নাছিল এচিএ, অসমৰ খেলুৱৈ সকলক পৰৱৰ্তী মুস্তাক আহমেদ ট্ৰফী প্ৰতিযোগিতাতো একেটা ভুল জাৰ্চিকে খেল খেলিবলৈ দিছিল। খেলৰ ফলাফলো আছিল অতি লজ্জাজনক। অৱশ্যে বিচিচিআইৰ হস্তক্ষেপ আৰু নিউজ18ত প্ৰকাশিত বাতৰিৰ কাৰণে পিছলৈ মুখলজ্জা ঢাকিবলৈ এচিএ ৰঞ্জী ট্ৰফীৰ বাবে সলনি কৰি দিছিল আফ্ৰিকাৰ দুটা খৰ্গৰ গঁড়ৰ ফটো থকা বিতৰ্কিত জাৰ্চি। দুটা খৰ্গ থকা গঁড়ৰ ফটোৰ টি-চাৰ্ট পিন্ধিবলৈ দিয়াৰ কাৰণে অসমৰ ছিনিয়ৰ খেলুৱৈসকলে প্ৰকাশ কৰিছিল তীব্ৰ অসন্তুষ্টি। ছচিয়েল মিডিয়াত এই পুৰণি ফটো ভাইৰেল হোৱাৰ পিছত একাংশ সংবাদমাধ্যমে পুনৰ পৰিৱেশন কৰিছে এই বাতৰি। শেহতীয়াকৈ বৰষুণ এৰাৰ পিছতো ভাৰত শ্ৰীলংকাৰ আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট অনুষ্ঠিত কৰিব নোৱাৰা এচিএৰ এই কাণ্ডকো ধিক্কাৰ দিছে অসমৰ ক্ৰিকেটপ্ৰেমীয়ে।
অসম ক্ৰিকেট সন্থাই প্ৰস্তুত কৰা বিতৰ্কিত হালধীয়া–ক’লা জাৰ্চিটো মুম্বাই স্থিত অমটেক্স স্পৰ্টছৱেৰ নামৰ প্ৰতিষ্ঠানটোৱে প্ৰস্তুত কৰাৰ কথা প্ৰকাশ পাইছে।