মুখ্যপৃষ্ঠা »খবৰ »অসম »Charaideo : চৰাইদেউ জিলা প্ৰাক্তন সৈনিক সন্থাৰ বাৰ্ষিক সন্মিলন উদযাপন

Charaideo : চৰাইদেউ জিলা প্ৰাক্তন সৈনিক সন্থাৰ বাৰ্ষিক সন্মিলন উদযাপন

চৰকাৰী নতুন আঁচনিৰ ওপৰতো সন্মিলনত উপস্থিত লোকসকলক অৱগত কৰা হয়

চৰকাৰী নতুন আঁচনিৰ ওপৰতো সন্মিলনত উপস্থিত লোকসকলক অৱগত কৰা হয়

চৰকাৰী নতুন আঁচনিৰ ওপৰতো সন্মিলনত উপস্থিত লোকসকলক অৱগত কৰা হয়

  • Share this:
জিলা সৈনিক কল্যাণ কাৰ্যালয়, শিৱসাগৰৰ উদ্যোগত তথা চৰাইদেউ জিলা সৈনিক সন্থাৰ সহযোগত আজি চৰাইদেউ জিলাৰ সোণাৰিৰ চাহ মজদুৰ সংঘৰ কাৰ্যালয়ত চৰাইদেউ জিলা প্ৰাক্তন সৈনিক সন্থাৰ বাৰ্ষিক সন্মিলন উদযাপন কৰা হয়৷

দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা সৈনিক সন্থাৰ বাৰ্ষিক সন্মিলনত জিলাখনৰ সকলো প্ৰাক্তন সৈনিক আৰু শ্বহীদ সৈনিকৰ পৰিয়ালে অংশগ্ৰহণ কৰে৷

ভাৰতীয় সেনাবাহিনীয়ে প্ৰাক্তন সৈনিকসকলৰ বাবে আগবঢ়োৱা বিভিন্ন সুবিধাসমূহৰ লগতে চৰকাৰী নতুন আঁচনিৰ ওপৰতো সন্মিলনত উপস্থিত লোকসকলক অৱগত কৰা হয়৷

উক্ত সন্মিলনত চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱাৰ লগতে চৰাইদেউ জিলাৰ মাইবেলা সেনা ছাউনীৰ সেনা বিষয়া পুনিত বেদী, অৱসৰপ্ৰাপ্ত উয়িং কামাণ্ডৰ  এছ আৰ হাজৰিকা, অৱসৰপ্ৰাপ্ত কৰ্নেল অশোক ভূঞাৰ লগতে বহুকেইজন সেনা বিষয়াই অংশগ্ৰহণ কৰে৷

শেহতীয়া বাতৰি