• Home
  • »
  • News
  • »
  • assam
  • »
  • অংকিতা দত্তক অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নতুন সভাপতি দায়িত্ব অৰ্পণ

অংকিতা দত্তক অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নতুন সভাপতি দায়িত্ব অৰ্পণ

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি বৰাক উপত্যকাৰ কমৰুল ইছলাম চৌধুৰীক আঁতৰাই দলৰ হাইকামাণ্ডে ড০ অংকিতা দত্তক দিছে নতুন দায়িত্ব।

  • Share this:
অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ–সভাপতি অংকিতা দত্তক অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নতুন সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে কংগ্ৰেছ হাইকামাণ্ডে। অসমৰ  যুৱ নেত্ৰী ড০ অংকিতা দত্ত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি প্ৰাক্তন মন্ত্ৰী প্ৰয়াত অঞ্জন দত্তৰ জ্যেষ্ঠ জিয়ৰী।

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি বৰাক উপত্যকাৰ কমৰুল ইছলাম চৌধুৰীক আঁতৰাই দলৰ হাইকামাণ্ডে ড০ অংকিতা দত্তক দিছে নতুন দায়িত্ব। বিগত ২০১৬ আৰু ২০২১ চনৰ দুটা বিধানসভা নিৰ্বাচনত জাতীয় কংগ্ৰেছ দলৰ টিকটত আমগুৰি সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি কম ভোটত পৰাজয়বৰণ কৰিছিল অংকিতাই।

২০১৬ চনত বিজয়ী অসম গণ পৰিষদৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাৰ হাতত মাত্ৰ ১৬০০ ভোটত পৰাজিত হৈছিল অংকিতা দত্ত। পিতৃৰ পদাংক অনুসৰণ কৰি ৰাজনীতিত ভৰি দিয়া অংকিতাক হাইকামাণ্ডে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়াৰ বাবে তেওঁক অভিনন্দন জনাইছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

Assam News Today | News in Assamese | Latest News in Assamese
Published by:Sanjay Kumar Das
First published: