যোৰহাট নগৰৰ মাজমজিয়াৰ নিৰ্মল চাৰিআলিৰ সমীপত এ টি ৰোডত সোমবাৰে বিয়লি একাংশ উন্মত্ত যুৱকে মৰিয়াই মৰিয়াই হত্যা কৰে আছুৰ গোলাঘাট জিলা ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদকৰ দায়িত্বত থকা যুৱনেতা অনিমেশ ভূঞা।
স্কুটি চলাই আহি পথত বাগৰি পৰা মোহন দাস নামৰ এগৰাকী বয়সীয়াল ব্যক্তিক দুই বন্ধুসহ সহায় কৰিবলৈ গৈছিল অনিমেশ। কিন্তু সুৰাসক্ত হৈ অহা বুলি অভিযোগ উঠা উক্ত ব্যক্তিজনে অনিমেশহতৰ সৈতে কাজিয়াত লিপ্ত হৈ একাংশ যুৱকক ঘটনাস্থলীলৈ মাতি দিয়ে।
আৰু যুৱকৰ দলটো ঘটনাস্থলীত উপস্থিত হৈ অনিমেশৰ লগতে দুই বন্ধুক উপৰ্যুপৰি প্ৰহাৰ কৰে। আৰু উন্মাদ যুৱকৰ দলটোৰ আক্ৰমণত দুৰ্ভাগ্যজনক ভাবে মৃত্যুক আঁকোৱালি লয় অনিমেশ নামৰ সম্ভাৱনাপূৰ্ণ যুৱকজনে।
উল্লেখ্য যে , এই ঘটনা সংঘটিত হোৱা স্থানৰ পৰা ৩০-৪০ মিটাৰ নিলগতে আছিল দুটা পুলিচ পইন্ট। সেই সময়ত আৰক্ষীয়ো কৰ্তব্যৰত অৱস্থাতে আছিল। আনহাতে এই মাৰপিটৰ ঘটনা সংঘটিত কৰা যুৱকৰ দলটোত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী থকাৰ কথাও পোহৰলৈ আহিছে। ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰে জড়িত থকাৰ অভিযোগত ছজন লোকক গ্ৰেপ্তাৰ কৰিছে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|