যোৰহাট কাণ্ডৰ ১৩ অভিযুক্তক আজি আদালত (Court)ত হাজিৰ কৰোৱা হয়। আদালতত হাজিৰ কৰোৱাৰ সময়ত ব্যাপক নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা দেখা গৈছিল।
কিন্তু এই নিৰাপত্তাৰ মাজতো আদালত চৌহদত সমৱেত জনতাই ১২ নৰপিশাচক সুযোগ বুজি চৰ-ভুকু শোধায়। আৰক্ষীয়ে ততাতৈয়াকৈ কেউজনকে আদালতৰ ভিতৰলৈ নিয়ে।
আদালতত জনৰোষৰ সন্মুখীন হোৱা ১৩ নৰপিশাচৰ মাজত আছিল ক'লা গুণ্ডাৰ পিতৃও। ঘটনাৰ সূত্ৰপাতৰ মূল লোক ক'লাৰ পিতৃক দেখি জনতা আৰু উত্তেজিত হৈ পৰে। আৰক্ষী তথা নিৰাপত্তা বাহিনীৰ নিৰাপত্তাৰ মাজতো শ শ জনতাই ভিৰৰ মাজৰ পৰা প্ৰহাৰৰ চেষ্টা চলোৱাৰ লগতে চিঞৰি চিঞৰি ককৰ্থনা কৰে। উল্লেখ্য, আজি আদালতত ঘটনাৰ খলনায়ক ক'লা ল'ৰাক হাজিৰ কৰোৱা হোৱা নাছিল।
আনহাতে আজি যোৰহাট থানা (Joorhat Police Station) চৌহদ হাজাৰ হাজাৰ লোকে প্ৰতিবাদেৰে উত্তাল কৰি তোলে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এমাহৰ ভিতৰতে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে অনিমেষ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া অন্ত পেলোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|