Jorhat Mob Lynching Update : যোৰহাটতত সোমবাৰে যি নৃশংস হত্যাকাণ্ড সংঘটিত হ'ল সেই ঘটনাই ৰাজ্যবাসীৰ মন-মগজু জোঁকাৰি গৈছে। অভি-নীলৰ হত্যা, ডাঃ দেৱেন দত্তৰ হত্যাৰ পিছত দিন-দুপৰতে অনিমেশৰ হত্যাক সহজে ল'ব পৰা নাই কোনেও। এই ঘটনাই আমাক আৰু অধিক সচেতন আৰু ন্যায়ৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ শিকনি দিলে। জানোঁ আহক অনিমেশ হত্যাকাণ্ডৰ ১০টা জৰুৰী পইণ্ট-
১. অনিমেশ ভূঞা হত্যাকাণ্ডৰ মূল অভিযুক্ত ক’লা গুণ্ডাক গ্ৰেপ্তাৰ। এই ক’লা গুণ্ডাৰ নেতৃত্বতে অনিমেশৰ ওপৰত চলিছিল প্ৰাণঘাটি আক্ৰমণ।
২. ক’লা গুণ্ডাকে ধৰি এই পৰ্যন্ত অনিমেশ ভূঞা হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত ১৩জনক গ্ৰেপ্তাৰ।
![]()
অনিমেশ ভূঞা হত্যাৰ মূল খলনায়ক ক'লা গুণ্ডা ওৰফে নীৰজ দাস।
৩. ফাষ্টট্ৰেক আদালতত হ’ব অনিমেশ হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ।
৪. ১৫ দিনৰ ভিতৰত আৰক্ষীক অনিমেশ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ।
৫. আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ 147/148/149/326/302 ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।
৬. ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাসকল হ’ল – বিতোপন দাস, বিক্ৰম দাস, সুভাষ বৰা, অবিনাশ বৰা, মোহন দাস, দেৱ দাস, মহেশ দাস, বঙালী দাস, সৰুল’ৰা দাস, সুভাষ দাস, নীৰজ দাস (ক’লা ল’ৰা) আৰু অকণি দাস।
৭. ধৃত মোহন দাস ক'লা গুণ্ডাৰ পিতৃ আৰু নিজেও এজন অপৰাধী আৰু বিভিন্ন গোচৰত অভিযুক্ত।
৮. অনিমেশ হত্যাকাণ্ড জড়িত কেইবাজনো যুৱক ড্ৰাগছ সৰবৰাহৰ লগত জড়িত বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে।
৯. যোৰহাট সদৰ আৰক্ষীৰ চূড়ান্ত দুৰ্বলতাৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে। যোৰহাট সদৰ থানাৰ পৰা মাত্ৰ ১০০ মিটাৰ আঁতৰত হত্যাকাণ্ড হৈছিল বুলি অভিযোগ।
১০. সাধাৰণ বাইক দুৰ্ঘটনা এটাক কেন্দ্ৰ কৰিয়েই কেইবাজনো যুৱকে যোৰহাট নগৰৰ মাজমজিয়াত মৰিয়াই মৰিয়াই হত্যা কৰিছিল আছুৰ গোলাঘাট জিলা ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক নেতা অনিমেশ ভূঞাক।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseঅসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|