உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • গণপ্ৰহাৰত প্ৰাণ হেৰুওৱা অনিমেশ ভূঞাৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি, ঘৰতে চিকিৎসাৰ ব্যৱস্থা

    গণপ্ৰহাৰত প্ৰাণ হেৰুওৱা অনিমেশ ভূঞাৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি, ঘৰতে চিকিৎসাৰ ব্যৱস্থা

    সোমবাৰে যোৰহাটৰ মাজ–মজিয়াত এদল উন্মাদৰ হাতত প্ৰাণ হেৰুৱাইছিল ছাত্ৰ নেতা অনিমেশে।

    সোমবাৰে যোৰহাটৰ মাজ–মজিয়াত এদল উন্মাদৰ হাতত প্ৰাণ হেৰুৱাইছিল ছাত্ৰ নেতা অনিমেশে।

    সোমবাৰে যোৰহাটৰ মাজ–মজিয়াত এদল উন্মাদৰ হাতত প্ৰাণ হেৰুৱাইছিল ছাত্ৰ নেতা অনিমেশে।

    • Share this:
    যোৰহাটত গণপ্ৰহাৰত প্ৰাণ হেৰুওৱা অনিমেশ ভূঞাৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি। পুত্ৰৰ মৃত্যুৰ খবৰ পোৱাৰ পিছৰে পৰা কান্দি কান্দি লেবেজান হৈ পৰিছে অনিমেশৰ মাতৃ। চিঞৰি চিঞৰি কান্দিছে, সান্তনা দিবলৈ ভাষা নাই কাৰো। স্বাস্থ্যৰ অৱনতি ঘটাত ঘৰতে চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰি চেলাইন দিয়াৰ ব্যৱস্থা কৰে। ব্লাড প্ৰেছাৰ কমি যোৱাৰ লগতে অতি দুৰ্বল হৈ পৰিছে অনিমেশৰ মাতৃ।

    উল্লেখযোগ্য যে সোমবাৰে যোৰহাটৰ মাজ–মজিয়াত এদল উন্মাদৰ হাতত প্ৰাণ হেৰুৱাইছিল ছাত্ৰ নেতা অনিমেশে। ইতিমধ্যে মূল অভিযুক্ত ক’লা ল’ৰা ওৰফে নীৰজ দাস আৰু আন ১২জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই হত্যাকাণ্ডৰ পিছতে এতিয়া চৌদিশে দোষীৰ ফাঁচি দাবী উঠিছে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: