‘বজাৰত নিগনীৰ দৰৱ বেচা বেপাৰী এতিয়া কংগ্ৰেছৰ বিধায়ক’ – কংগ্ৰেছৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰি মন্তব্য অনিল ৰাজাৰ

News18 Assam | News18-Assam
Updated:March 2, 2021, 9:42 AM IST
‘বজাৰত নিগনীৰ দৰৱ বেচা বেপাৰী এতিয়া কংগ্ৰেছৰ বিধায়ক’ – কংগ্ৰেছৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰি মন্তব্য অনিল ৰাজাৰ
অনিল ৰাজাৰ অভিযোগ, ৰাজ্যিক নেতৃত্বৰ দায়িত্ব অৰ্পণ কৰা ৰিপুণ বৰাৰ নাই কোনো সাংগঠনিক অভিজ্ঞতা৷

অনিল ৰাজাৰ অভিযোগ, ৰাজ্যিক নেতৃত্বৰ দায়িত্ব অৰ্পণ কৰা ৰিপুণ বৰাৰ নাই কোনো সাংগঠনিক অভিজ্ঞতা৷

  • Share this:
অৱশেষত সোমবাৰে কংগ্ৰেছৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰিলে এসময়ৰ কংগ্ৰেছৰ মহাপ্ৰতাপী নেতা অনিল ৰাজাই৷ ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিয়ে দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল পাতি দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে এসময়ৰ কংগ্ৰেছৰ প্ৰভাৱশালী নেতা অনিল ৰাজাই৷ অনিল ৰাজাৰ মতে, তৰুণ গগৈৰ মৃত্যুৰ পিছত এতিয়া দলটোৰ অৱস্থা শোচনীয়৷ কংগ্ৰেছৰ একাংশ নেতাৰ স্বৈৰাচাৰিতাৰ বাবে অসমত নিঃশেষ হোৱাৰ পথত কংগ্ৰেছ৷ বজাৰত নিগনীৰ দৰৱ বেচা বেপাৰী এতিয়া কংগ্ৰেছৰ বিধায়ক৷

অনিল ৰাজাৰ অভিযোগ, ৰাজ্যিক নেতৃত্বৰ দায়িত্ব অৰ্পণ কৰা ৰিপুণ বৰাৰ নাই কোনো সাংগঠনিক অভিজ্ঞতা৷ ৰিপুণ বৰা এজন বিশ্বাসঘাতক আৰু নানা কূ–কৰ্মৰে জড়িত নেতা৷ নাৰী কেলেংকাৰীৰ পৰা আৰম্ভ কৰি চাকৰিৰ নামত বহু নিবনুৱাৰ পৰা ধন লোৱাৰ অভিযোগ আনিলে ৰিপুণ বৰাৰ বিৰুদ্ধে৷ তৰুণ গগৈৰ ১৫ বছৰীয়া শাসনকালত ব্যভিচাৰ কৰা নেতাই এতিয়া মহাজোটবন্ধনত চামিল হৈ শাসন চলোৱাৰ সপোন দেখা বুলি মন্তব্য আগবঢ়ালে অনিল ৰাজাই৷

নাম নোকোৱাকৈ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক বনদস্যু আখ্যা দি নগাওঁবাসীক বনদস্যুক আশ্ৰয় নিদিব আহ্বান অনিল ৰাজাৰ৷ বিগত ৫টা বছৰে নগাঁওবাসী ৰাইজ বহু শান্তিৰে জীৱন অতিবাহিত কৰা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ালে অনিল ৰাজাই৷ অনিল ৰাজাৰ মতে, যোৱা ১৫টা বছৰে নগাঁৱৰ খিলঞ্জীয়া ৰাইজ বহু শংকাৰ মাজেৰে দিন অতিবাহিত কৰিব লগীয়া হৈছিল৷

অসমৰ ৰাইজলৈ অনিল ৰাজাৰ অনুুৰোধ -কংগ্ৰেছক ভোট নিদি অসমখন বচাওক৷ আজমলৰ দৰে এজন ব্যভিচাৰত লিপ্ত আৰু বিশ্বাসঘাতকক লগত লৈ কংগ্ৰেছে চৰকাৰ গঠনৰ সপোন ৰচিছে বুলিও কয় ৰাজাই ৷ একেদৰে ৰাহুল গান্ধীকো এলেহুৱা আৰু অদূৰদৰ্শী আখ্যা অনিল ৰাজাৰ৷ কেন্দ্ৰীয় নেতৃত্বই বিচাৰিলেও পুনৰ কংগ্ৰেছলৈ ঘূৰি নাযাওঁ বুলি কয় ৰাজাই। এই পৰ্যন্ত কোনো দলত যোগদান কৰাৰ চিন্তা চৰ্চা কৰা নাই বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় অনিল ৰাজাই৷
Published by: Sanjay Kumar Das
First published: March 2, 2021, 9:42 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি