শিলঘাট-গুৱাহাটী ডেমু (DEMU) ৰে'লে জলাকলা খুৱাইছে নগাঁওবাসী ৰাইজক। শিলঘাট টাউন-গুৱাহাটী পেছেঞ্জাৰ ৰে'লৰ কাৰকৰী বিজুতিত ক্ষুব্ধ ৰে'লযাত্ৰী। পুৱা ৬ বজাত গুৱাহাটীলৈ যাত্ৰা কৰিব লগা ৰে'লখন বুধবাৰে চাৰি ঘণ্টা সময় ধৰি বিকল হৈ পৰে শিলঘাট ৰে'ল ষ্টেচনত।
ডেম' ইঞ্জিন সংযুক্ত শিলঘাট টাউন-গুৱাহাটী পেছেঞ্জাৰ ৰে'লৰ বিভিন্ন কৰিকৰী বিজুতিয়ে বাৰুকৈয়ে জলাকলা খুৱাইছে নগাঁও জিলাৰ ৰে'লযাত্ৰীক। প্ৰায়েই বিকল হৈ পৰে ৰে'লখন। বহু সময় ধৰি ষ্টেচনে ষ্টেচনে বোন্দাপৰ দিব লগা হয় ৰে'লযাত্ৰীসকলে। বিভিন্ন সময়ত ৰে'লখনত হোৱা বিজুতিৰ পিছতো আজিলৈকে ইয়াৰ স্থায়ী মেৰামতি নহ'ল।
বুধবাৰে পুৱা ৬ বজাতে শিলঘাট ষ্টেচন এৰিব লগা পেচেঞ্জাৰ ৰে'লখন ১০ বজাত চাপৰমুখৰ জংচনৰ পৰা বিকল্প ইঞ্জিন অহাৰ পিছতহে গুৱাহাটী অভিমুখে গতি কৰে।
ডেম' ইঞ্জিনযুক্ত শিলঘাট-গুৱাহাটী পেচেঞ্জাৰ ৰে'লখনত প্ৰায়েই উদ্ভৱ হৈ আহিছে বিভিন্ন কৰিকৰী সমস্যা। তৎসত্ত্বেও ৰে'ল বিভাগৰ আওকণীয়া মনোভাবৰ বাবে সমস্যাত ভুগি আহিছে ৰে'লযাত্ৰীসকলে। দৈনিক পুৱা ৬ বজাত শিলঘাটৰ পৰা যাত্ৰা কৰিবলগীয়া ৰে'লখনে যান্ত্ৰিক বিজুতিৰ বাবে ১০ পৰা ১২ বজাত যাত্ৰা কৰে গুৱাহাটীলৈ।
নিশা ৮:৩০ বজাত শিলঘাট পাবলগীয়া পেচেঞ্জাৰ ৰে'লখনে নিশা ১১ ৰ পৰা ১২ বজাতহে শিলঘাট পাবলৈ সক্ষম হয়। ডেম' ইঞ্জিনযুক্ত ৰে'লখনৰ পৰিৱৰ্তে পূৰ্বৰ আৰ্হিৰ ৰে'লগাড়ীৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে নগাঁৱৰ লগতে কলিয়াবৰীয়া ৰাইজ।
Published by: Gautam Barman
FIRST PUBLISHED : June 15, 2022, 21:02 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।