ঘৰ ঘৰ দস্তক অভিযানৰ অধীনত ভেকচিন (Corona Vaccine) দিবলৈ গৈ লটি-ঘটি হ'ল চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ দলৰ। খঙত অগ্নি শৰ্মা হৈ স্বাস্থ্য কৰ্মীৰ দলক অসভ্য আচৰণ কৰিলে এজন লোকে। ভেকচিন নলও বুলি স্বাস্থ্য কৰ্মীৰদলক খেদি আহিল লোকজনে। এই ঘটনা সংঘটিত হৈছে বৰপেটা (Barpeta) জিলাৰ সৰ্থেবাৰীৰ বেলবাৰীত।
৫ ডিচেম্বৰত কোভিড ভেকচিন প্ৰথম পালি শেষ কৰাৰ লক্ষ্য। তাৰ বাবে ঘৰে ঘৰে গৈ ভেকচিন লোৱা, নোলোৱা লোকৰ তথ্য সংগ্ৰহ কৰাৰ লগতে নোলোৱাসকলক ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰে। কাৰণ এতিয়াও একাংশ লোকে ইচ্ছাকৃতভাবে লোৱা নাই ভেকচিন। পিছে ভেকচিন দিবলৈ যোৱা চিকিৎসক, যুটীয়া সঞ্চালক আৰু স্বাস্থ্য কৰ্মীৰ হৈছে লটি-ঘটি। সৰ্থেবাৰীৰ বেলবাৰীত ভেকচিন দিবলৈ গৈ অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ'ল স্বাস্থ্য বিষয়া, চিকিৎসকৰ দল।
সৰ্থেবাৰীৰ বেলবাৰীৰ ৰাজেন শীলৰ পৰিয়ালে এতিয়াও লোৱা নাই ভেকচিন। আজি ৰাজেন শীলৰ ঘৰত উপস্থিত হৈছিল বৰপেটা জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক, সৰুক্ষেত্ৰী ত্ৰিশখন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ প্ৰণবজোতি দাসসহ স্বাস্থ্য কৰ্মীৰ দল। কিন্ত চিকিৎসকৰ দল দেখি ক্ৰোধান্বিত হৈ পৰিল ৰাজেন শীল । যুটীয়া স্বাস্থ্য সঞ্চালকৰ লগত তৰ্ক-বিতৰ্কত লিপ্ত হোৱাৰ লগতে অসভ্য আচৰণ কৰে ৰাজেন শীল নামৰ লোকজনে। অতিৰিক্ত উপায়ুক্ত লাচিত দাস ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ ব্যক্তিগৰাকীক বুজনি দিয়াতহে শান্ত হয় । অৱশেষত ব্যক্তি গৰাকীৰ পৰিয়ালক ভেকচিন দিবলৈ সক্ষম হয় স্বাস্থ্য বিভাগ ৷
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|