உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘মই বাইদেউ নহয় দাদাহে, আজি মই অমৰীশ পুৰী হৈ আহিছো’ – মৰিগাঁৱত কিয় ক'লে আঙুৰলতাই?

    ‘মই বাইদেউ নহয় দাদাহে, আজি মই অমৰীশ পুৰী হৈ আহিছো’ – মৰিগাঁৱত কিয় ক'লে আঙুৰলতাই?

    কংগ্ৰেছক ফুটা বেলুনৰ লগত তুলনা কৰি কয়, " কংগ্ৰেছক ভোট দিয়া আৰু ভোটতো নলাত পেলাই দিয়া একেই কথা।

    কংগ্ৰেছক ফুটা বেলুনৰ লগত তুলনা কৰি কয়, " কংগ্ৰেছক ভোট দিয়া আৰু ভোটতো নলাত পেলাই দিয়া একেই কথা।

    কংগ্ৰেছক ফুটা বেলুনৰ লগত তুলনা কৰি কয়, " কংগ্ৰেছক ভোট দিয়া আৰু ভোটতো নলাত পেলাই দিয়া একেই কথা।

    • Share this:
    তিৱা সাজ–পোছাকত মৰিগাঁৱৰ বৰছিলাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি বিধায়িকা আঙুৰলতাই ক'লে, "আজি মই আঙুৰলতা বাইদেউ হৈ অহা নাই, মই আঙুৰলতা দাদা হৈ আহিছো। কাৰণ মোৰ মাতটো এতিয়া নিৰ্বাচনী প্ৰচাৰ চলাই চলাই অমৰীশ পুৰীৰ দৰে হৈ গৈছে।"

    বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত বৰছিলা পৰিষদীয় সমষ্টিৰ অগপ প্ৰাৰ্থী চম্পেশ্বৰ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি আঙুৰলতাই স্বভাৱসূলভ ৰসিকতাৰে কয়, "আমাৰ প্ৰাৰ্থীক ভোট দি জিকাওক, আমি আপোনালোকৰ কাম নিষ্ঠা সহকাৰে কৰিম প্ৰতিশ্ৰুতি দিছো। কিন্তু যদি দুৰ্নীতি কৰে আপোনালোকৰ সন্মুখতে আহি ঠেকেছি থৈ যাম।"

    আনহাতে, তেওঁৰ কোনো অহংকাৰ নাই বুলি ৰাইজৰ সন্মুখত মন্তব্য কৰি আঙুৰলতাই অগপৰ প্ৰাৰ্থী গৰাকীকো অহংকাৰী ন'হবলৈ সকীয়াই দিয়ে। উল্লেখযোগ্য যে কংগ্ৰেছক ফুটা বেলুনৰ লগত তুলনা কৰি কয়, " কংগ্ৰেছক ভোট দিয়া আৰু ভোটতো নলাত পেলাই দিয়া একেই কথা। বিটিচিত কংগ্ৰেছ শূন্য হ'ল, যি এজন আছিল সেইজনো বিজেপিলৈ আহিল।"

    বিজেপিৰ সমৰ্থকক অগপৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনাই কয় "আপোনালোকে পদুম ফুলৰ ছবি বিচাৰি খেলিমেলি নকৰিব। হাতীটো এনেই ডাঙৰ গতিকে বিচাৰি হাবাথুৰি খাব নালাগে।"

    বৰছিলা সমষ্টিৰ গা খজুৱাত অনুষ্ঠিত এই সভাত অগপ নেতা মণিমাধৱ মহন্তয়ো অংশগ্ৰহণ কৰে। এই সভাতে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত অৰ্ধশতাধিক কংগ্ৰেছী সমৰ্থকে যোগদান কৰে।
    Published by:Sanjay Kumar Das
    First published: