দীৰ্ঘদিনৰ অন্তত হঠাৎ জীপাল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখ্য কাৰ্য্যলয় ৰাজীৱ ভৱন ৷ ৰাজীৱ ভৱন চৌহদত ভিৰ কংগ্ৰেছৰ দলীয় নেতা কৰ্মীৰ ৷ বিজেপি চৰকাৰৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে যুঁজ দিবলৈ বদ্ধপৰিকৰ অসম প্ৰদেশ যুৱ কংগ্ৰেছ ৷
যুৱ কংগ্ৰেছৰ দায়িত্ব লৈ সৰৱ সভানেত্ৰী অংকিতা দত্ত তথা কাৰ্য্যকৰী সভাপতি ৰাতুল পাটোৱাৰী ৷ বাৰ্ষিক ২ কোটি চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া মোদী চৰকাৰৰ ক'ত গ'ল ঘোষণা?এই প্ৰশ্ন যুৱ কংগ্ৰেছৰ নতুন নেতৃত্বৰ।
কেৱল ইমানেই নহয় ৰাজ্যৰ অৰ্থনীতি সৱল কৰিবলৈ অসমীয়া সমাজৰ খাদ্যভাষ সলনি কৰাৰ টিপছ দিলে অংকিতা দত্তই ৷ পৰম্পৰাগত খাদ্য খাব লাগিব প্ৰতিগৰাকী অসমীয়াই ৷ তেতিয়াহে ৰাজ্যৰ অৰ্থনীতি মজবুত হ'ব ৷
নৱ নিযুক্তি সভাপতিৰ এই মন্তব্যৰ বিপৰীতে প্ৰাক্তন তথা বৰ্তমানৰ বিধায়কক লগত লৈ কঠোৰ সমালোচনা ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ৷ ৰেকিবুদ্দিন আহমেদে কয় যে, '৫ বছৰত ৰাজীৱ ভৱনত এদিনো নহা লোকে বিচাৰে দলীয় টিকট ৷ এনে লোক চিনাক্ত কৰাটো ভাল ৷ প্ৰথমে দল তাৰপিছত ব্যক্তিস্বাৰ্থ ৷ অন্যথা টিকট বিচাৰিলে নহ'ব ৷'
উল্লেখ্য যে, যুৱ কংগ্ৰেছৰ নৱ নিযুক্ত প্ৰতিনিধিৰ দায়িত্ব গ্ৰহণ পৰ্বত উপস্থিত থাকে কেন্দ্ৰীয় কেইবাগৰাকীও যুৱ কংগ্ৰেছৰ প্ৰতিনিধি তথা APCCৰ সভাপতি ভূপেন বৰা ৷