মুখ্যপৃষ্ঠা » খবৰ

» অসম

»৩ হাজাৰ অংগনৱাড়ী কেন্দ্ৰলৈ ২৫ লাখকৈ সাহায্য বিভাগৰ, লাভ কৰিব পেকেটিং খাদ্য

৩ হাজাৰ অংগনৱাড়ী কেন্দ্ৰলৈ ২৫ লাখকৈ সাহায্য বিভাগৰ, লাভ কৰিব পেকেটিং খাদ্য

News18 Assam | News18-Assam
Updated:August 2, 2021, 9:21 PM IST
৩ হাজাৰ অংগনৱাড়ী কেন্দ্ৰলৈ ২৫ লাখকৈ সাহায্য বিভাগৰ, লাভ কৰিব পেকেটিং খাদ্য
সোমবাৰে সমাজ কল্যাণ বিভাগৰ বিষয়াৰে হোৱা বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় মন্ত্ৰীগৰাকীয়ে ৷

সোমবাৰে সমাজ কল্যাণ বিভাগৰ বিষয়াৰে হোৱা বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় মন্ত্ৰীগৰাকীয়ে ৷

  • Share this:

সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ বিশেষ তৎপৰতা। ৰাজ্যৰ অংগনৱাড়ী কেন্দ্ৰসমূহত এতিয়াৰে পৰা আৰম্ভ হ’ব সংস্কাৰমুখী যাত্ৰা। ৰাজ্যৰ ৬১ হাজাৰ অংগনৱাড়ী কেন্দ্ৰৰ হিতাধিকাৰীয়ে ঘৰে ঘৰে লাভ কৰিব পেকেটিং খাদ্য। সোমবাৰে সমাজ কল্যাণ বিভাগৰ বিষয়াৰে হোৱা বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় মন্ত্ৰীগৰাকীয়ে ৷


৩০০০ অংগনৱাড়ী কেন্দ্ৰলৈ আগবঢ়াব ২৫ লাখকৈ টকা। ৰাজ্যত আছে ৬১ হাজাৰ অংগনৱাড়ী কেন্দ্ৰ। প্ৰথম পৰ্যায়ত ৩০০০ অংগনৱাড়ী কেন্দ্ৰলৈ প্ৰদান কৰা হ’ব এই সাহায্য।পৰ্যায়ক্ৰমে অন্যান্য অংগনৱাড়ী কেন্দ্ৰৰো নিৰ্মাণকাৰ্য আৰম্ভ কৰিব বিভাগে। যিসমূহ অংগনৱাড়ী কেন্দ্ৰত পানী আৰু বিজুলীৰ ব্যৱস্থা নাই, সেই কেন্দ্ৰসমূহত এইসমূহ ব্যৱস্থা কৰিবলৈ বাজেটত পুঁজি ধাৰ্য কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰী অজন্তা নেওগে।

Published by: Gautam Barman
First published: August 2, 2021, 9:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি