உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • 'আবাৰ একবাৰ বিজেপিৰ সুশাসন'- আন্দামান নিকোবৰত বাজিছে সীমান্ত শেখৰৰ কণ্ঠত বিজেপিৰ নিৰ্বাচনী গীত

    'আবাৰ একবাৰ বিজেপিৰ সুশাসন'- আন্দামান নিকোবৰত বাজিছে সীমান্ত শেখৰৰ কণ্ঠত বিজেপিৰ নিৰ্বাচনী গীত

    ৬ মাৰ্চত আন্দামান নিকোবৰত হ'বলগীয়া নগৰ সমিতিৰ নিৰ্বাচনত ব্যৱহাৰ হৈছে গীতটি ৷

    ৬ মাৰ্চত আন্দামান নিকোবৰত হ'বলগীয়া নগৰ সমিতিৰ নিৰ্বাচনত ব্যৱহাৰ হৈছে গীতটি ৷

    ৬ মাৰ্চত আন্দামান নিকোবৰত হ'বলগীয়া নগৰ সমিতিৰ নিৰ্বাচনত ব্যৱহাৰ হৈছে গীতটি ৷

    • Share this:
    অসম প্ৰদেশ বিজেপিয়ে প্ৰস্তুত কৰা এটা বিশেষ গীত ৷ বহুল জনপ্ৰিয়তা লাভ কৰিছিল সীমান্ত শেখৰে কণ্ঠ নিগৰোৱা 'আকৌ এবাৰ মোদী চৰকাৰ' শীৰ্ষক গীতটি ৷ এইবাৰ সেই একেটা গীতকে বাঙালী ভাষাত বাজিছে আন্দামান নিকোবৰত ৷

    ৬ মাৰ্চত আন্দামান নিকোবৰত হ'বলগীয়া নগৰ সমিতিৰ নিৰ্বাচনত ব্যৱহাৰ হৈছে গীতটি ৷ ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে জনপ্ৰিয় হৈ উঠিছিল সীমান্ত শেখৰৰ কণ্ঠত 'আকৌ এবাৰ মোদী চৰকাৰ', 'আকৌ এবাৰ বিজেপি চৰকাৰ' গীতটো ৷ অসম প্ৰদেশ বিজেপিৰ প্ৰতিখন নিৰ্বাচনী সভাত বাজিছিল এই গীতটো ৷ জনপ্ৰিয় হৈ উঠিছিল আনকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই গীতত কৰা নৃত্যও ৷

    সম্প্ৰতি সীমান্ত শেখৰৰ কণ্ঠত বাঙালী ভাষাত  'আবাৰ একবাৰ বিজেপিৰ সুশাসন', 'আবাৰ একবাৰ মোদীজীৰ সুশাসন' শীৰ্ষক গীতটি বাজিছে আন্দামান নিকোবৰত ৷ ৬ মাৰ্চত আন্দামান নিকোবৰত নিৰ্বাচন ৷ দ্বীপ ৰাজ্যখনৰ নেতাজী হাট বে' গাঁও পঞ্চায়তক বাদ দি সকলো গাঁও পঞ্চায়ত,গাঁও সমিতি,জিলা পৰিষদ আৰু পৰ্ট ব্লেয়াৰ পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ছয় মাৰ্চত ৷

    বিজেপিয়ে চলোৱা সকলো প্ৰচাৰ সভাতে এতিয়া ব্যৱহাৰ কৰিছে সীমান্ত শেখৰৰ কণ্ঠৰ এই গীতটি ৷ এই বহুল জনপ্ৰিয় গীতটোৰ কথা পবিত্ৰ মাৰ্ঘেৰিটাৰ ৷ গীতটিৰ সুৰ আৰু মিউজিক পৰাণ বৰকটকীৰ ৷ শেহতীয়া ভাৱে প্ৰতিটো ৰাজনৈতিক দলেই সলনি কৰিছে প্ৰচাৰৰ কৌশল৷ সময়ৰ লগত খোজ মিলাই নিৰ্বাচনী প্ৰচাৰত নতুন নতুন কৌশল অৱলম্বনেৰে সংগীতৰ মাধ্যমেৰে ভোটাৰৰ কাষ চপাৰ অন্যতম আহিলা এতিয়া সংগীত ৷
    Published by:Himangshu Bhuyan
    First published: