নাজিৰাৰ মেকিপুৰ চাহ বাগিচাত চাঞ্চল্য, পূজা মণ্ডপৰ তলত উদ্ধাৰ প্ৰাচীন সুৰংগ

পিছত প্ৰশাসনৰ লোক উপস্থিত হৈ বন্ধ কৰি দিয়ে সুৰংগটোৰ মুখখন।

News18-Assam
Updated:November 1, 2019, 11:43 AM IST
নাজিৰাৰ মেকিপুৰ চাহ বাগিচাত চাঞ্চল্য, পূজা মণ্ডপৰ তলত উদ্ধাৰ প্ৰাচীন সুৰংগ
পিছত প্ৰশাসনৰ লোক উপস্থিত হৈ বন্ধ কৰি দিয়ে সুৰংগটোৰ মুখখন।
News18-Assam
Updated: November 1, 2019, 11:43 AM IST
নাজিৰাৰ মেকিপুৰ চাহ বাগিচাৰ হাতীপটিত চাঞ্চল্যকৰ ঘটনা৷ হাতীপটী পূজা মণ্ডপৰ তলত উদ্ধাৰ হৈছে এটা প্ৰাচীন সুৰংগ। এই সুৰংগটো ব্ৰিটিছৰ দিনৰে বুলি সন্দেহ কৰা হৈছে। মণ্ডপটোৰ কাষতে কেইজনমান কিশোৰে বল খেলি আছিল। বলটো এটা সৰু গাঁতত সোমাই পৰে। বলটো উলিয়াবলৈ চেষ্টা কৰাৰ সময়তে সেই স্থানৰ এটা অংশ তললৈ খহি পৰাত ওলাই পৰে সুৰংগটো। পিছত প্ৰশাসনৰ লোক উপস্থিত হৈ অঘটনৰ আশংকাত বন্ধ কৰি দিয়ে সুৰংগটোৰ মুখখন।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি