তিনিচুকীয়াত আঞ্চলিক গণ মৰ্চাৰ মুকলি সভা

News18 Assam | News18-Assam
Updated:October 16, 2020, 5:30 PM IST
তিনিচুকীয়াত আঞ্চলিক গণ মৰ্চাৰ মুকলি সভা
মুকলি সভা অনুষ্ঠিত হয় তিনিচুকীয়াৰ বিষ্ণুপ্ৰসাদ ৰাভা সংগীত মহাবিদ্যালয়ত।

মুকলি সভা অনুষ্ঠিত হয় তিনিচুকীয়াৰ বিষ্ণুপ্ৰসাদ ৰাভা সংগীত মহাবিদ্যালয়ত।

  • Share this:
সমাগত বিধানসভাৰ নিৰ্বাচন। আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি অসমত কেইবাটাও নতুন ৰাজনৈতিক দল ভূমিষ্ঠ হৈছে। সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত গঠন হোৱা আঞ্চলিক যুৱ মৰ্চাৰ আজি মুকলি সভা অনুষ্ঠিত হয় তিনিচুকীয়াৰ বিষ্ণুপ্ৰসাদ ৰাভা সংগীত মহাবিদ্যালয়ত।

ঐতিহাসিক অসম চুক্তি নস্যাৎ কৰি নাগৰিকত্ব সংশোধনী আইন প্ৰতিহত কৰাৰ লগতে চৰকাৰৰ সকলো জনবিৰোধী নীতি-পদক্ষেপৰ বিৰুদ্ধে সকলো প্ৰগতিশীল আঞ্চলিক আৰু ধৰ্মনিৰপেক্ষ দল–সংগঠনৰ ঐক্যবদ্ধ সংগ্ৰামৰ সংকল্পেৰে আঞ্চলিক গণ মৰ্চা দ্বাৰা সুস্থ গণতান্ত্ৰিক আৰু প্ৰগতিশীল জাতীয়তাবাদী আৰু বৈজ্ঞানিক সমাজবাদ মূল আদৰ্শ হিচাপে লৈ সকলো আঞ্চলিকতাবাদী শক্তি এক হোৱাৰ উদ্দেশ্যে সভাখন অনুষ্ঠিত কৰে।

মুকলি সভাত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ তথা আঞ্চলিক গণমৰ্চাৰ মুখ্য আহ্বায়ক অজিত কুমাৰ ভূঞা, আঞ্চলিক গণমৰ্চাৰ কেন্দ্ৰীয় সমন্বয়ক মনজিত মহন্ত, আঞ্চলিক গণমৰ্চাৰ সমন্বয়ক লাচিত বৰদলৈ, আঞ্চলিক গণমৰ্চাৰ কেন্দ্ৰীয় সদস্য ৰাচেল হুছেইনৰ লগতে তিনিচুকীয়া জিলাৰ শতাধিক সচেতন ব্যক্তি।
Published by: Sanjay Kumar Das
First published: October 16, 2020, 5:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading