মুখ্যপৃষ্ঠা »খবৰ »অসম »বংগ বিভাজন কৰি আৰু অসমৰ এটা অংশ লৈ গঠন হ'ব নে কমতাপুৰ ৰাজ্য? ২৬ জানুৱাৰীত কি ঘোষণা কৰিব কেন্দ্ৰীয় চৰকাৰে?

বংগ বিভাজন কৰি আৰু অসমৰ এটা অংশ লৈ গঠন হ'ব নে কমতাপুৰ ৰাজ্য? ২৬ জানুৱাৰীত কি ঘোষণা কৰিব কেন্দ্ৰীয় চৰকাৰে?

কোচবিহাৰ পিপলছ এছ'ছিয়েচনৰ মুৰব্বী নগেন্দ্ৰ ৰায় ওৰফে অনন্ত মহাৰাজে News18ক কি ক'লে আছুতীয়া সাক্ষাৎকাৰত

কোচবিহাৰ পিপলছ এছ'ছিয়েচনৰ মুৰব্বী নগেন্দ্ৰ ৰায় ওৰফে অনন্ত মহাৰাজে News18ক কি ক'লে আছুতীয়া সাক্ষাৎকাৰত

কোচবিহাৰ পিপলছ এছ'ছিয়েচনৰ মুৰব্বী নগেন্দ্ৰ ৰায় ওৰফে অনন্ত মহাৰাজে News18ক কি ক'লে আছুতীয়া সাক্ষাৎকাৰত

  • Share this:

পৃথক কমতাপুৰ নহয়, কেৱল কোচবিহাৰকে কেন্দ্ৰীয়  স্বায়ত্তশাসিত অঞ্চল ঘোষণা কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰে। ২৬ জানুৱাৰী নহয়, এয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে হোৱাৰ সম্ভাৱনা আছে। ১৯৪৯ চনত চৰকাৰে মাৰ্জাৰ এগ্ৰিমেন্টৰ যোগেদি অধিগ্ৰহণ কৰা কোচবিহাৰ ৰাজ্যক দেশৰ নিৰাপত্তাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি কৰিব পাৰে কেন্দ্ৰীয়শাসিত অঞ্চল।


কোচবিহাৰ ৰাজ্যৰ সীমা দুই ধৰণৰ। আভ্যন্তৰীণ সীমা জলপাইগুৰি জিলাৰ সীমান্ত হলদীবাৰীৰ পৰা শ্ৰীৰামপুৰ আৰু বক্সিৰহাটলৈ। আনহতে গ্ৰেটাৰ কোচবিহাৰ বুলি ক'লে অসমৰ পুৰণি গোৱালপাৰা জিলাৰ বৰ্তমানৰ ছখন জিলা ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, কোকৰাঝাৰ, দক্ষিণ শালমাৰা, মানকাচৰ আৰু চিৰাঙৰ পৰা আৰম্ভ কৰি বংগৰ উত্তৰ আৰু দক্ষিণ দিনাজপুৰ, জলপাইগুৰি,আলিপুৰদুৱাৰ, দাৰ্জিলিং আৰু কোচবিহাৰৰ লগতে বিহাৰৰ পুৰ্নিয়ালৈ বিস্তৃত।


এতিয়া দেশৰ নিৰাপত্তাৰ ওপৰত অৰ্থাৎ চিকেন নেকৰ দৰে স্পৰ্শকাতৰ অঞ্চলক কেন্দ্ৰীয় চৰকাৰে কিদৰে গুৰুত্ব দিয়ে তাৰ ওপৰতে নিৰ্ভৰ কৰিব সকলো। কাৰণ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এই বিষয়ত চিন্তাচৰ্চা অব্যাহত ৰাখিছে।


KLOৰ চীফ জীৱন সিংহৰ  মূলসুঁতিলৈ উভতি অহা  সৰ্ম্পকত একো নাজানে অনন্ত মহাৰাজে। তেওঁৰ মতে KLO আৰু কেন্দ্ৰীয় চৰকাৰৰ কিবা এটা আলোচনা চলি আছে ঠিকেই, কিন্তু কেতিয়া সেয়া সমাপ্ত হ'ব সেই বিষয়ত তেওঁৰ লগত কোনো তথ্য নাই।


ইপিনে অবিভক্ত গোৱালপাৰা জিলা কোচ ৰাজবংশী সন্মিলনীৰ কেন্দ্ৰীয় সভাপতি সুৰথ চন্দ্ৰ ৰায়ে জি ছি পি এ (গ্ৰেটাৰ কোচবিহাৰ পিপলচ এছোচিয়েচন)ৰ মুৰব্বী অনন্ত মহাৰাজৰ সাক্ষাৎকাৰৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।


তেওঁৰ মতে, কোচবিহাৰ ৰাজ্য নাছিল। কোচবিহাৰ কমতাপুৰ ৰাজ্যৰ ৰাজধানীহে আছিল। গতিকে কোচবিহাৰ নহয় কমতাপুৰ বা গ্ৰেটাৰ কোচবিহাৰ ৰাজ্য চৰকাৰে গঠন কৰিব লাগে। জি ছি পি এৰ মুৰব্বীয়ে কোৱা ধৰণে পূবত শ্ৰীৰামপুৰৰ পৰা উত্তৰ বংগৰ হলধিবাৰীলৈকে কোচবিহাৰ ৰাজ্য বা কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণা কৰিব লাগে। কিন্তু বুৰঞ্জী মতে কোচবিহাৰ ৰাজ্য নহয় কমতাপুৰ ৰাজ্যৰ ৰাজধানী।


মাৰ্জাৰ আইন মতে অসমৰ অবিভক্ত গোৱালপাৰা অঞ্চলটো  কমতাপুৰ ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। যদি কেন্দ্ৰীয় চৰকাৰে মাৰ্জাৰ আইন মতে কমতাপুৰ ৰাজ্য পুনৰ গঠন কৰে, কমতাপুৰ ৰাজ্যৰ অংগীভূত অবিভক্ত গোৱালপাৰা অঞ্চলকো সামৰি লোৱাৰ বাবে দাবী জনাইছে অবিভক্ত গোৱালপাৰা জিলা কোচ ৰাজবংশী সন্মিলনীৰ কেন্দ্ৰীয় সভাপতি সুৰথ চন্দ্ৰ ৰায়ে। নহ'লে অবিভক্ত গোৱালপাৰা কোচ ৰাজবংশী জনগোষ্ঠীয়ে এই স্পৰ্শকাতৰ বিষয়টো লৈ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ব।


জি ছি পি এ (গ্ৰেটাৰ কোচবিহাৰ পিপলচ এছোচিয়েচন)ৰ মুৰব্বী অনন্ত মহাৰাজৰ সাক্ষাৎকাৰত কোৱা কোচবিহাৰ ৰাজ্যৰ তীব্ৰ বিৰোধিতা কৰিছে অবিভক্ত গোৱালপাৰা জিলা কোচ ৰাজবংশী সন্মিলনীয়ে।

শেহতীয়া বাতৰি