শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ২০২২ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাত ৭৫%তকৈ অধিক নম্বৰ লাভ কৰা মেধাৱী ছাত্ৰ–ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয়। এইবাৰ ৰাজ্য চৰকাৰে পূৰ্বে ঘোষণা কৰা অনুসৰি বঁটা ৰূপে ১৬ হাজাৰ টকাকৈ প্ৰতিগৰাকী শিক্ষাৰ্থীকে প্ৰদান কৰে।
অনুষ্ঠানত সন্মানীয় অতিথি ৰূপে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, বিশিষ্ট অতিথি ৰূপে ড০ ননীগোপাল মহন্তৰ লগতে শিক্ষা বিষয়াসকলৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ–ছাত্ৰীসকলক এই বঁটা প্ৰদান কৰে। বৃহৎসংখ্যক ছাত্ৰ–ছাত্ৰী তথা অভিভাৱক, শিক্ষানুৰাগী ৰাইজ উপস্থিত থকা বঁটা বিতৰণী অনুষ্ঠানত ২২,৬০১গৰাকী ছাত্ৰ–ছাত্ৰীক ১৬ হাজাৰকৈ টকা প্ৰদান কৰা হয়।
বঁটা প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ভাষণত কয়– ''ছাত্ৰ-ছাত্ৰীসকলৰ সফলতাৰ আঁৰত কৃতিত্ব থকা শিক্ষকসকলকো প্ৰশংসা কৰিছোঁ। আনন্দৰাম বৰুৱা মাত্ৰ ৩৯ বছৰ জীয়াই আছিল। প্ৰথমজন অসমীয়া উপায়ুক্ত আছিল আনন্দৰাম বৰুৱা।''
মুখ্যমন্ত্ৰীয়ে শিক্ষাৰ্থীসকলক উদ্দেশ্যি পুনৰ কয়– ''এইবাৰ বঁটাৰ নামত খৰচ কৰা ৩৬ কোটিটো অহাবাৰ ৫০ কোটি হ'ব লাগিব। ২০০৫ চনৰ পৰা চৰকাৰে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিছিল। তেতিয়া এই বঁটাত এটা কম্পিউটাৰ দিছিল। ২০০৫ চনৰ পৰা এই পৰ্যন্ত এই বঁটা দি থকা হৈছে। ক'ভিডৰ অৱস্থাৰ পৰা এই ব্যৱস্থা সলনি কৰা হৈছে। ২০০৫ চনত ১২ হাজাৰে প্ৰথম ডিভিজন পাইছিল এইবাৰ ২০২২ চনত ৬৫ হাজাৰে প্ৰথম ডিভিজন পাইছে।
বঁটাপ্ৰাপক সকলো ছাত্ৰ–ছাত্ৰী আৰু অভিভাৱকক মই অভিনন্দন জনাইছোঁ।''
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|