• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাহুলক গ্ৰেপ্তাৰৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ আনন্দৰ পৰিয়ালৰ, মাতৃ–ভগ্নীয়ে ক’লে – দোষী আছিল বাবেই ইমানদিনে পলাই আছিল ৰাহুল

ৰাহুলক গ্ৰেপ্তাৰৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ আনন্দৰ পৰিয়ালৰ, মাতৃ–ভগ্নীয়ে ক’লে – দোষী আছিল বাবেই ইমানদিনে পলাই আছিল ৰাহুল

৯ দিনৰ অন্তত লেখাপানী থানাত আত্মসমৰ্পণ কৰাৰ পিছতে ৰাহুলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

৯ দিনৰ অন্তত লেখাপানী থানাত আত্মসমৰ্পণ কৰাৰ পিছতে ৰাহুলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

৯ দিনৰ অন্তত লেখাপানী থানাত আত্মসমৰ্পণ কৰাৰ পিছতে ৰাহুলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

  • Share this:
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীৰ আত্মসমৰ্পণ কৰা পিছতেই আনন্দ শৰ্মাৰ পৰিয়ালবৰ্গৰ প্ৰতিক্ৰিয়া প্ৰকাশ। কঠোৰৰ পৰা কঠোতম শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে আনন্দ শৰ্মাৰ মাতৃ আৰু ভগ্নীয়ে। ৰেগিং কাণ্ডত ৰাহুল ছেত্ৰী জড়িত থকাৰ বাবেহে ইমানদিনে পলাতক আছিল বুলি ভগ্নীয়ে প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে ৯ দিনৰ অন্তত লেখাপানী থানাত আত্মসমৰ্পণ কৰাৰ পিছতে ৰাহুলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বিগত ৯ দিন ধৰি অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত পলাই আছিল ৰাহুল ছেত্ৰী। আত্মসমৰ্পণৰ পিছতে নিজকে নিৰ্দোষী সজোৱাৰ চেষ্টা ৰাহুলৰ। নিৰাপত্তাহীনতাত ভুগি আঁতৰি থকা বুলি মন্তব্য কৰে ৰাহুল ছেত্ৰীয়ে।

এতিয়া আইনী প্ৰক্ৰিয়াত সহযোগ আগবঢ়াব বুলি উল্লেখ কৰিছে ৰেগিং কাণ্ডৰ মূল খলনায়ক ৰাহুল ছেত্ৰীয়ে। বিগত কেইদিনত সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে ভয়তে তেওঁ পলাই থকা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৰাহুলে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি