নগাঁৱৰ অন্যতম অগ্রণী উচ্চ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে চলিত বৰ্ষৰ ‘আনন্দৰাম ঢেকিয়াল ফুকন বঁটা’ আগবঢ়াইছে অসম-অৰুণাচল প্রদেশৰ সাংস্কৃতিক সম্প্ৰীতিলৈ অনবদ্য অৱদান আগবঢ়োৱা বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ। অহা ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া মহাবিদ্যালয়ৰ ৬৩সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত বিশিষ্ট সাহিত্যিকগৰাকীক এই বঁটা প্ৰদান কৰা হ'ব।
উল্লেখ্য যে ২০১৭ বৰ্ষৰ পৰা মহাবিদ্যালয়খনে আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান কৰি আহিছে। মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জয় কুমাৰ সিংহই আজি এক বিবৃতিযোগে এই কথা জানিবলৈ দিয়ে।
ইপিনে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় প্রেক্ষাগৃহত ২৪ ছেপ্টেম্বৰৰ দিনৰ ১২ বজাৰপৰা আৰম্ভ হ'বলগা মুকলি সভাত মুখ্য অতিথি হিচাপে অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট সাহিত্যিক ডাঃ ধ্ৰুৱজ্যোতি বৰা আৰু নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শর্মাই অংশগ্ৰহণ কৰিব।
উল্লেখ্য যে, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে ২০০১ চনৰে পৰা ‘আনন্দৰাম ঢেকিয়াল ফুকন স্মাৰক বক্তৃতানুষ্ঠান’ অনুষ্ঠিত কৰি আহিছে। ড° হীৰেন গোহাঁই, ভবেন বৰুৱা, ড° নৰেন কলিতা, ড° ৰাজেন শইকীয়া, ৰঞ্জিত কুমাৰ দেৱগোস্বামী আদিৰ দৰে বিদ্বান ব্যক্তিয়ে বিগত সময়ত উক্ত বক্তৃতা প্ৰদান কৰি গৈছে।
আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্মদিন উপলক্ষে চলিত বর্ষৰ ২২ ছেপ্টেম্বৰত মহাবিদ্যালয়খনৰ প্রেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া ‘আনন্দৰাম ঢেকিয়াল ফুকন আৰু আধুনিক অসমৰ সপোন’ শীৰ্ষক বক্তৃতানুষ্ঠানত বক্তা হিচাপে অংশ গ্ৰহণ কৰিব অসম চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ড° ননীগোপাল মহন্তই।
আনহাতে, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ শুকদেৱ গোস্বামীৰ সোঁৱৰণত মহাবিদ্যালয়খনে আয়োজন কৰি অহা সদৌ অসম আন্তঃ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় তর্ক প্রতিযোগিতাখন এইবাৰ ২৩ ছেপ্টেম্বৰৰ পুৱা ১০ বজাত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ২৪ ছেপ্টেম্বৰৰ বঁটা প্ৰদান অনুষ্ঠানৰ দিনটোত পুৱা মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভাখনো অনুষ্ঠিত হ'ব।
২৫ ছেপ্টেম্বৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগা সাংস্কৃতিক অনুষ্ঠানত মহাবিদ্যালয়খনৰ ছাত্র-ছাত্রীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে জনপ্রিয় কণ্ঠশিল্পী গীতাঞ্জলি দাস আৰু অভিনৱ হাজৰিকাই গীত পৰিৱেশন কৰিব।
উল্লেখ্য যে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসৰ দিন যোৱা ৭ ছেপ্টেম্বৰ আছিল যদিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২য় আৰু ৪র্থ ষান্মাসিকৰ পৰীক্ষাসমূহ চলি থকাৰ বাবে উক্ত দিনত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিব পৰা নগৈছিল। সেয়ে অহা ২২ ছেপ্টেম্বৰৰ পৰা ২৫ ছেপ্টেম্বৰলৈ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস, বঁটা প্ৰদান, নৱাগত আদৰণি সভাকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ ব্যৱস্থা কৰা বুলি মহাবিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|